AS

উপেন্দ্ৰনাথ ব্ৰহ্ম

উপেন্দ্ৰনাথ ব্ৰহ্ম (বড়ো: उपेन्द्रनाथ ब्रह्मा) (জ. ৩১ মাৰ্চ, ১৯৫৭[1]– মৃ. ১ মে, ১৯৯০[1])আলোচনা পৃষ্ঠা চাওক এজন বড়ো ছাত্ৰনেতা আৰু ৰাজনৈতিক নেতা। সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল।[2] বড়ো সকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মানেৰে ‘বড়োফা’ (বড়োসকলৰ পিতৃ) বুলি আখ্যা দিয়া হৈছে।[1]

উপেন্দ্ৰনাথ ব্ৰহ্ম
ব্যক্তিগত তথ্য
জন্ম ৩১ মাৰ্চ, ১৯৫৭
দতমাৰ ওচৰৰ বৰাগাৰি গাঁও, কোকৰাঝাৰ, অসম
মৃত্যু ১ মে, ১৯৯০
ৰাজনৈতিক দল বড়ো ছাত্ৰ সন্থা
পেচা ৰাজনীতি

. . . উপেন্দ্ৰনাথ ব্ৰহ্ম . . .

উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিল কোকৰাঝাৰ জিলাৰ দতমাৰ বৰাগাৰি গাঁৱত। পিতৃৰ নাম মংলাৰাম ব্ৰহ্মআৰু মাতৃ লেফাশ্ৰী ব্ৰহ্ম। পাঁচটা ল’ৰা-ছোৱালীৰ মাজত তেখেত আছিল সৰ্বকনিষ্ঠ আৰু ঘৰত তেখেতক থপেন বুলি মতা হৈছিল।

প্ৰথমে দতমা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পাছত তেখেতে শক্তি আশ্ৰম হাই এণ্ড ভ’কেছনেল বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দিয়ে।

কটন মহাবিদ্যালয়ৰ পৰা ১৯৮১ চনত বি.এছ.চি পাছ কৰে। ইয়াৰ পাছতে তেখেতে ‘গোঁসাইনিচিনা’ৰ ‘নেহৰু ভ’কেছনেল হাইস্কুল’ত বিজ্ঞান বিষয়ৰ শিক্ষক হিচাপে যোগ দিয়ে আৰু একেসময়তে কোকৰাঝাৰ কলেজত বি.এ. ডিগ্ৰীৰ বাবে পঢ়িবলৈ লয়। ১৯৮৫ চনত বি.এ. ডিগ্ৰী লাভ কৰাৰ উপৰিও ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি. পাছ কৰে। ১৯৮৬ চনত আয়কৰ বিভাগৰ চাকৰিত যোগ দিয়ে।

১৯৭৮-৭৯ চনৰপৰাই সক্ৰিয় ৰাজনৈতিক কাৰ্যত জড়িত উপেন্দ্ৰনাথ ব্ৰহ্ম ১৯৮৬ চনত ‘সদৌ বড়ো ছাত্ৰ সন্থা’ৰ সভাপতি নিৰ্বাচিত হয় আৰু মৃত্যু হোৱাৰ আগলৈকে তেখেত এই পদতে অধিষ্ঠিত আছিল। পৃথক বড়ো ৰাজ্য দাবী আৰু আন্দোলনৰ নেতৃত্ব দিছিল।[2]

বড়ো আন্দোলনৰ সমাধানৰ বাবে হোৱা ত্ৰিপাক্ষিক আলোচনা কালত উপেন্দ্ৰনাথ ব্ৰহ্ম কৰ্কট ৰোগৰ বাবে ভেলোৰৰ চি.এম.চি. চিকিৎসালয়ত ভৰ্তি হয়। চিকিৎসালয়ৰপৰাই তেখেতে দ্বিতীয় আৰু তৃতীয় বৈঠকত যোগ দিয়ে। তেখেতৰ চিকিৎসাৰ খৰচ অসম চৰকাৰে বহন কৰিবলৈ বিচাৰিছিল যদিও তেখেতে অস্বীকাৰ কৰে। ১৯৯০ চনৰ ১ মে তাৰিখে কৰ্কট ৰোগতে এখেতৰ মৃত্যু হয়।[1]

উপেন্দ্ৰনাথ ব্ৰহ্ম ধৰ্মসূত্ৰে হিন্দু আছিল যদিও তেখেতে নিজৰ মৃতদেহ কবৰ দিয়াটোহে বাঞ্ছা কৰিছিল। তেখেতৰ ইচ্ছাক সন্মান জনাই ডতমা-ত তেখেতক কবৰ দিয়া হয়।[1]

. . . উপেন্দ্ৰনাথ ব্ৰহ্ম . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . উপেন্দ্ৰনাথ ব্ৰহ্ম . . .

Back To Top