উৎপাদকৰ আচৰণৰ তত্ত্বব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তত্ত্ব। এই তত্ত্বত কোনো উৎপাদকে সন্মুখীন হোৱা পৰিৱেশত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাক ব্যাখ্যা কৰা হয়। সাধাৰণতে নব্য-ধ্ৰুপদী অৰ্থনীতিত এই কথা মানি লোৱা হয় যে উৎপাদক তৰ্কসংগত। সাধাৰণতে, উৎপাদকে সেই পন্থা অৱলম্বন কৰে, যি পন্থাই তেওঁৰ জ্ঞানৰ আধাৰত, সৰ্বাধিক লাভ প্ৰদান কৰিব।
সেয়ে উৎপাদকৰ বাছনি সমস্যাক এনেদৰে প্ৰকাশ কৰিব পৰা যায়-
অৰ্থাৎ, উৎপাদকে তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিসমূহৰ সদিশ
ক মান্য গ্ৰহণ কৰি, সেই উপাদানৰ সদিশ
চয়ন কৰে যাতে লাভ
বৃহদায়িত হয়। ইয়াত লাভক উপাদান আৰু অন্যান্য প্ৰাচলৰ ফলন গণ্য কৰা হয়।
. . . উৎপাদকৰ আচৰণৰ তত্ত্ব . . .
উৎপাদনৰ উপাদানৰ মাধ্যমেৰে উৎপন্ন বস্তু উৎপাদন কৰা হয়। সাধাৰণতে চাৰি উপাদানক অধ্যয়ন কৰা হয়- ভূমি, শ্ৰম, মূলধন আৰু সংগঠন[1]। সকলো উপাদানৰ গৰাকী হ’ল পৰিয়াল খণ্ড। পৰিয়াল খণ্ডৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানে উপাদান ক্ৰয় কৰে। ভূমিৰ বাবে ভাড়া, শ্ৰমৰ বাবে বেতন, মূলধনৰ বাবে সুদ আৰু সংগঠনৰ বাবে লাভ।
অনেক অৰ্থনৈতিক আৰ্হিত পিচে, কেৱল দুই প্ৰকাৰৰ উপাদান গণ্য কৰা হয়- মূলধন আৰু শ্ৰম। কোনো কোনো আৰ্হিত শ্ৰম বা মূলধনৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰে প্ৰযুক্তি আদিয়ে। উদাহৰণ স্বৰূপে, চলৌ-স্বান আৰ্হিৰ কোনো কোনো ৰূপত উৎপাদন ফলন এনে ধৰণৰ ব্যৱহাৰ কৰা হয়-
, য’ত
আৰু
ক্ৰমে মূলধন, প্ৰযুক্তিৰ (তথা অন্যান্য উৎপাদিকা শক্তি বৃদ্ধি কৰা বস্তুৰ) স্তৰ আৰু শ্ৰম। এনেদৰে শ্ৰমৰ শক্তি বৃদ্ধি কৰা প্ৰযুক্তিক হেৰড-নিৰপেক্ষ বোলা হয়। শ্ৰম আৰ মূলধনৰ উৎপন্ন বস্তুৰ পৰিমাণ বৃদ্ধি কৰা প্ৰযুক্তিক হিক্স-নিৰপেক্ষ বোলা হয়[2]।
. . . উৎপাদকৰ আচৰণৰ তত্ত্ব . . .