AS

কপাহ

কপাহ (ইংৰাজী: Cotton) হৈছে বিশ্বৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত স্থানীয়ভাবে দেখা পোৱা এবিধ উদ্ভিদৰ প্ৰজাতি। ই প্ৰধানকৈ আমেৰিকা, আফ্ৰিকা আৰু ভাৰতত বিস্তৃত হৈ আছে। বনৰীয়া কপাহৰ আটাইতকৈ বেছি বৈচিত্ৰ্য মেক্সিকো ত দেখা পোৱা যায়।[1]

ভাৰতৰ কপাহৰ মিল এটাত প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতে কপাহবোৰ হাতেৰে পৰিষ্কাৰ কৰা হৈছে (২০১০)

. . . কপাহ . . .

দক্ষিণ ভাৰতৰ অন্ধ্ৰত শস্যৰ বাবে সাজু কপাহ

ভাৰতত সচৰাচৰ তিনিবিধ কপাহ পোৱা যায়।

  • দীঘল অঁহীয়া (৪-৬ ছে:মি:)
  • মজলীয়া অঁহীয়া (২.৫ ছে:মি:তকৈ বেছি)
  • চুটি অঁহীয়া (২.৫ ছে:মি:তকৈ কম)

মধ্যমীয়া আঁহৰ কপাহ প্ৰায়বিলাক ৰাজ্যতে উৎপাদন কৰা হয়। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু গুজৰাটে দীঘল অঁহীয়া কপাহ উৎপাদন কৰে। ভাৰতৰ কপাহ প্ৰধানকৈ চুটি অঁহীয়া আৰু পৃথিৱীত ইয়াৰ মূল্য কম। মধ্যপ্ৰদেশৰ দক্ষিণাংশ, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশৰ পশ্চিমাঞ্চল, ৰাজস্থান আৰু পঞ্জাবত চুটি আঁহযুক্ত কপাহ উৎপাদন হয়। ইয়াৰ উপৰিও মেঘালয়গাৰো পাহাৰ, অসমমিকিৰ পাহাৰ আৰু ৰেংমা পাহাৰ, পশ্চিমবংগৰ পুৰুলিয়া জিলা আৰু উৰিষ্যাৰ কোনো কোনো ঠাইত চুটি অঁহীয়া কপাহ উৎপাদন হয়। বৰ্তমান জলসিঞ্চনৰ দ্বাৰা পানীৰ যোগান ধৰি পঞ্জাব, ৰাজস্থান আৰু কৰ্ণাটকত মজলীয়াৰ পৰা দীঘল অঁহীয়া কপাহ উৎপন্ন কৰা হয়।[2]

. . . কপাহ . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . কপাহ . . .

Back To Top