AS

কমিক্‌ছ

কমিক্‌চ বা কমিক্‌ছ (ইংৰাজী: Comics; মূল গ্ৰীক ভাষাκωμικός, kōmikos “কমেডিৰ লগত জড়িত”, মূল শব্দ κῶμος – kōmos “revel, komos“,[1] via the Latincōmicus) মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই ক’বলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্‌চৰ মূল উপাদান। লিখিত উপাদান অবিহনেও কমিক্‌চ হ’ব পাৰে। সাধাৰণতে লিখিত অংশই ছবিৰ কথাক প্ৰাঞ্জলকৈ ডাঙি ধৰে। কেতিয়াবা অৱশ্যে লিখিত অংশই নতুন মন্তব্যও দাঙি ধৰিব পাৰে। [2] প্ৰথম অৱস্থাত ঘাইকৈ এই মাধ্যমত ঘাইলৈ ধেমেলীয়া কথা উপস্থাপন কৰা হৈছিল বাবেই ইয়াক কমিক্‌চ বোলা হৈছিল। সেই সময়ত ইয়াৰ বাহিৰেও আন ধেমেলীয়া ক্ষেত্ৰতো কমিক্‌চ শব্দটো ব্যৱহাৰ কৰা হৈছিল। কমিক্‌চ মূলত: ক্ৰমাগত ভাৱে সজ্জিত ছবি। ছবি আৰু লিখা দু্য়োটাই থাকিলেও ছবিৰ প্ৰাধান্য লিখা অংশতকৈ বেছি। ছবি থকা কিতাপ (Picture Book) আৰু কমিক্‌চৰ মাজত পাৰ্থক্য মূলত: ছবিৰ ক্ৰমৰ বিন্যাসত। কিছুমানৰ মতে কমিক্‌চৰ সংজ্ঞা তাৰ সামাজিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে।[3].

. . . কমিক্‌ছ . . .

ট্ৰাজান স্তম্ভত ক্ৰমত সজোৱা ছবি
In Lucas Cranach the Elder‘s “Adam and Eve” একেখন ছবিতে বাইবেলৰ বিভিন্ন কাহিনীৰ প্ৰকাশ: সম্মুখত, প্ৰথম দম্পতীক পাপৰ বাবে ভগৱাবে তিৰস্কাৰ কৰিছে; পাছফালে, আডামৰ ৰাজহাড়ৰপৰা ঈভক সজা হৈছে আৰু তেওঁলোকক নিষিদ্ধ ফল খাবলৈ প্ৰৰোচিত কৰাৰ দৃশ্য; বাওঁফালে স্বৰ্গৰপৰা বহিষ্কাৰৰ দৃশ্য।

এটা কলা মাধ্যম হিচাবে কমিক্‌চে পৰিপূৰ্ণতা লাভ কৰে উনৈছ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত। চলচ্চিত্ৰ আৰু এনিমেছন-ৰ লগত কমিক্‌চৰ বিকাশ হয়। এই তিনিওটা মাধ্যমেই দৃশ্য আৰু লেখন/শব্দ-ৰ সংকৰ। আৰু তিনিওটা মাধ্যমৰ বিকাশ প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগত জড়িত। বাতৰিকাকত আৰু আলোচনী-ৰ বহুল প্ৰচাৰ হোৱাৰ পাছতহে কমিক্‌চে জনপ্ৰিয়তা লাভ কৰে যদিও ছবিক এটা ক্ৰমত সজ্জিত কৰি কাহিনী কোৱাৰ প্ৰচেষ্টা বহু আগৰপৰাই কৰি থকা হৈছে।

ৰোমান আমোলৰ (১১৩ খ্ৰীষ্টাব্দ) ট্ৰাজান স্তম্ভত ক্ৰমাগত ছবি দেখা যায়। ইয়াৰ বাহিৰেই মিছৰীয় হিয়েৰ’গ্লিফ, মধ্যযুগৰ দীঘল ছবি আৰু কিছুমান ছপা গ্ৰন্থতো এই প্ৰচেষ্টা লোৱা দেখা যায়। মধ্য যুগৰ কিছুমান ছবিটো একখন পটতে কেবাটাও ঘটনাৰ চিত্ৰণ দেখা যায়। (কাষৰ ছবি চাওক)

অৱশ্যে এনে ছবি দৰ্শক বা পঢ়ুৱৈৰ হাতত গৈ পৰা নাছিল। ছপাশাল প্ৰযুক্তিৰ বিকাশৰ পাছতহে এই মাধ্যমৰ বহুল প্ৰচলন হোৱাটো সম্ভৱ হৈছিল৷[4][5][6]

. . . কমিক্‌ছ . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . কমিক্‌ছ . . .

Back To Top