_(cropped).jpg/800px-Donna_Strickland_EM1B5760_(46183560632)_(cropped).jpg)
ডনা থিয় ষ্ট্ৰিকলেণ্ড (জন্ম: ২৭ মে’, ১৯৫৯) এগৰাকী কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত।[1] পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মহিলা। ২০১৮ চনত তেওঁ আৰু তেওঁৰ পিএইচডি উপদেষ্টা জেৰাৰ্ড মৌৰোৰ লগত আৰু আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱে তেওঁলোকৰ লেজাৰ বিষয়ক গৱেষণাৰ বাবে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। বৰ্তমান তেওঁ ৱাৰ্টালু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে নিয়োজিত হৈ আছে।
. . . ডনা ষ্ট্ৰিকলেণ্ড . . .
১৯৫৯ চনৰ ২৭ মে তাৰিখে কানাডাৰ অন্তৰিঅ’ৰ গুইল্ফত ডনা ষ্ট্ৰিকলেণ্ডৰ জন্ম হয়।[2] তেওঁ ১৯৮১ চনত মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক পদাৰ্থ বিজ্ঞান বিষয়ত অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা পোহৰ বিজ্ঞান বিভাগত ১৯৮৯ চনত পিএইচডি ডিগ্ৰী লাভ কৰে।[3][4] তেওঁৰ ডক্টৰেল থেছিছৰ শিৰোনাম আছিল “অতি উজ্জ্বল লেজাৰৰ উন্নয়ন আৰু বহু ফটন আয়নিকৰণত ইয়াৰ ব্যৱহাৰ” আৰু ইয়াৰ উপদেষ্টা আছিল জেৰাৰ্ড মৌৰো।[2] তেওঁলোকৰ যুটীয়ে চিৰপেদ পালছ্ এম্পলিফিকেচন উদ্ভাৱন কৰে।[5]
. . . ডনা ষ্ট্ৰিকলেণ্ড . . .