AS

দময়ন্তী

দময়ন্তী (ইংৰাজী: Damayanti) মহাভাৰতৰ বন পৰ্বত উল্লিখিত প্ৰেম কাহিনীৰ এটাৰ মুখ্য চৰিত্ৰ।[1] তেওঁ বিদৰ্ভ ৰাজ ভীমৰ কন্যা আছিল। বিদৰ্ভ ৰাজ্যৰ ৰাজকুমাৰী দময়ন্তীয়ে নিষাধ ৰাজ্যৰ ৰজা নলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ভাৰতীয় ভাষাৰ বহুতো লেখকৰ অন্যান্য হিন্দু গ্ৰন্থতো তেওঁৰ উল্লেখ পোৱা যায়।[2] তেওঁ দ্বাদশ শতিকাৰ শ্ৰীহৰ্ষৰ ‘নিষাধ চৰিত’ৰ কেন্দ্ৰীয় চৰিত্ৰ। সংস্কৃত সাহিত্যত ইয়াক পাঁচটা মহাকাব্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[3][4]:136 অসমৰ পীতাম্বৰ কবিৰ ‘নল-দময়ন্তী’ৰো তেওঁ মুখ্য চৰিত্ৰ। তেওঁ ১৪৫৬ শকত অৰ্থাৎ ১৫৩৪ চনত তেওঁ এই পাঁচালী কাব্যখনৰ সৃষ্টি কৰিছিল।

দময়ন্তী
মহাভাৰতৰ চৰিত্ৰ

নলৰ বিষয়ে স্বৰ্গীয় ৰাজহাঁহৰ সৈতে কথা পাতি থকা দময়ন্তী, ৰাজা ৰবি বৰ্মাৰ চিত্ৰ
তথ্য
লিঙ্গ নাৰী
পৰিয়াল ৰজা ভীম (পিতৃ)
দাম্পত্যসঙ্গী নল
সন্তান ইন্দ্ৰসেন (পুত্ৰ)
ইন্দ্ৰসেনা (পুত্ৰী)

. . . দময়ন্তী . . .

দময়ন্তী বিদৰ্ভ ৰাজ্যৰ ৰাজকুমাৰী আছিল। এদিন এজনী সুন্দৰ হংস তেওঁৰ ওচৰলৈ আহিছিল আৰু তেওঁক নিষাধৰ ৰজা নলৰ বিষয়ে কৈছিল। সেই ৰাজহাঁহজনী ৰজা নলে দময়ন্তীৰ বিষয়ে শুনি তেওঁৰ ওচৰলৈ পঠাইছিল। নলৰ কথা শুনি দময়ন্তীয়ে প্ৰভাৱিত হৈছিল আৰু তেওঁক বিয়া কৰিব বিচাৰিছিল।[5] দময়ন্তীৰ দেউতাকে এক স্বয়ংবৰৰ আয়োজন কৰিছিল আৰু ৰজা নলকো ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছিল। দময়ন্তীয়ে নানা ৰজা আৰু ৰাজকুমাৰৰ মাজৰ পৰা নলক বাছনি কৰিছিল আৰু বিবাহপাশত আৱদ্ধ হৈছিল। কেইবছৰমানৰ পিছত তেওঁলোকৰ দুটা সন্তান জন্ম হৈছিল।[6]

বহু বছৰৰ সুখেৰে কটোৱা পিছত নলৰ সম্পৰ্কীয় ভায়েক পুষ্কাৰে তেওঁক এক খেল খেলিবলৈ আমন্ত্ৰণ জনাইছিল। এই খোলৰ চৰ্ত অনুসৰি বিজয়ীজনে পৰাস্ত হোৱা জনৰ ৰাজ্য লাভ কৰিব আৰু পৰাস্ত হোৱা জনে তিনি বছৰৰ বাবে নিৰ্বাসনলৈ যাব লাগিব। নলে এই খেলত পৰাজিত হৈছিল আৰু দময়ন্তীৰ সৈতে অৰণ্যলৈ গৈছিল। তেওঁলোকৰ সন্তানক দময়ন্তীৰ পিতৃক ওচৰত ৰাখি থৈ গৈছিল। তেওঁলোকৰ বাবে জীৱন সহজ নাছিল আৰু তেওঁলোকে সংগ্ৰাম কৰিছিল আৰু অৰণ্যত ঘূৰি ফুৰিছিল। এদিনাখন দময়ন্তী শুই থাকোঁতে নলে বাহিৰলৈ ওলাই গৈছিল।

তাৰ পিছত তেওঁ হঠাতে এজন নাগদেৱতাক জুইত পৰা দেখিছিল আৰু তেওঁ তেওঁক ৰক্ষা কৰিছিল। ইয়াৰ ফলত সন্তুষ্ট হৈ নাগ দেৱতায়ে নলৰ ৰূপ সলনি কৰিছিল আৰু তেওঁক অযোধ্যাৰ ৰজা ঋতুপৰ্ণৰ পৰা খেলৰ দক্ষতা শিকিবলৈ কৈছিল যাতে তেওঁ তেওঁৰ ৰাজ্য ঘূৰাই পাব পাৰে। নলয়ে দময়ন্তীক নজনোৱাকৈ অযোধ্যালৈ গৈছিলম। ইয়াৰ ফলত দময়ন্তীয়ে নলক বিচাৰিবলৈ আৰম্ভ কৰিছিল। দময়ন্তীক এটা আজগৰে আক্ৰমণ কৰিছিল কিন্তু ইয়াক এজন চিকাৰীয়ে হত্যা কৰিছিল। দময়ন্তীৰ সৌন্দৰ্যৰ দ্বাৰা মোহিত হৈ চিকাৰীজনে তেওঁৰ সতীত্ব নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ চিকাৰীক জ্বলি ছাই হবলৈ অভিশাপ দিছিল।

চিকাৰীজন জ্বলি ভস্ম হোৱাৰ পিছত কিছুমান ব্যৱসায়ীয়ে দময়ন্তীক উদ্ধাৰ কৰিছিল। অৱশ্যে এটা নিশা হাতীৰ জাকে ব্যৱসায়ীসকলৰ সামগ্ৰী ধ্বংস কৰিছিল আৰু ব্যৱসায়ীসকলে দময়ন্তীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কিয়নো তেওঁলোকে ভাবিছিল যে দময়ন্তীয়ে তেওঁলোকৰ দুৰ্ভাগ্য আনিছে। প্ৰাণ বচাই দাময়ন্তী বিপ্ৰপুৰত পলাই আহি উপস্থিত হৈছিল। ৰাণী ভানুমতীয়ে তেওঁক দাসী হিচাপে বাছনি কৰিছিল। এদিন এজন মন্ত্ৰীয়ে চিনাক্ত কৰিছিল যে দাসীগৰাকী প্ৰকৃততে কোন আৰু তেওঁক বিদৰ্ভলৈ ঘূৰাই আনিছিল। পিছত তেওঁ সকলো ৰাজ্যলৈ নলৰ সম্ভেদ বিচাৰি বাৰ্তা পঠাইছিল। নলে এই বাৰ্তাৰ উত্তৰ দিছিল আৰু তেওঁক বিদৰ্ভলৈ মাতি অনা হৈছিল। অৱশেষত নল আৰু দময়ন্তীলৈ পুনৰ মিলন হৈছিল আৰু তেওঁলোকে নিষাধলৈ উভতি গৈছিল। নালে পুস্কৰক প্ৰত্যাহ্বান জনাইছিল কিন্তু এইবাৰ তেওঁ পুষ্কৰক হেৰুৱাইছিল। নলে তেওঁৰ ৰাজ্য ঘূৰাই পাইছিল আৰু তেওঁ দময়ন্তীৰ সৈতে সুখী জীৱন যাপন কৰিছিল।[7]

. . . দময়ন্তী . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . দময়ন্তী . . .

Back To Top