পাঠকৰ টোকাবহী(ইংৰাজী: Pathokor Tokabohi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৪৭ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ১৯৯৩ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে শ্ৰীদেৱ বৰা আৰু শ্ৰীমতী অণিমা বৰালৈ আগবঢ়াই এনেদৰে লিখিছে,”আপোনালোকে মোৰ প্ৰতি দেখুৱাই অহা অকৃত্ৰিম স্নেহৰ প্ৰতিদান দিয়াৰ স্পৰ্ধা মোৰ নাই। তথাপি কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন আপোনালোক দুয়োৰে নামত উছৰ্গা কৰিলো।”[1]
. . . পাঠকৰ টোকাবহী . . .
পাঠকৰ টোকাবহীত সন্নিৱিষ্ট প্ৰবন্ধসমূহ হৈছে, ৰাছেলৰ স্মৰণত; কেনেকৈ লিখা উচিত; স্পষ্টতা; গদ্যৰ সাধনা; লেখকে নিলিখে কিয়; কিতাপৰ দোকানী আৰু সম্পাদক; জোছেফ কনৰাড; মানুহৰ মুখ; দেনিছ দিদেৰো আৰু ফৰাচী বিশ্বকোষ; খনি-শ্ৰমিক আৰু কাৰ্লাইল; যিবোৰ কিতাপ নপঢ়াকৈয়ে মই মৰিম; যিকেইটা আদৰ্শই মোক জীৱনত বাট দেখুৱাইছে; মানুহৰ মহত্ত্ব; সাহসৰ অবিহনে সকলো অসাৰ; মই কেতিয়াও মিছা কথা ক’ব নোৱাৰো; পুৰস্কাৰ; সময়ৰ সদ্ব্যৱহাৰ; প্ৰকৃতিৰ ভুল; আটাইতকৈ প্ৰয়োজনীয় বস্তু; মৃত্যু ভয়; বন্দুক আৰু কলম; জীৱনৰ লালসা; ৰোছোৱে মোৰ চকু মুকলি কৰি দিলে; পুৰুষ আৰু নাৰী; গ্ৰেটা গাৰ্বো; কেথেৰিন ডি গ্ৰেট্; ১৮৪৮; ১৯৮৯; জীৱনৰ ভৱিষ্যত; মানুহ আৰু ৰাষ্ট্ৰ; নীৰৱতাৰ বাণী; সত্য আৰু বিশ্ৰাম; ‘নাগৰিক‘ৰ প্ৰথম সম্পাদকীয়; দুখন কিতাপৰ কথা; ঘোঁৰা আৰু মাখি; ধূমপান ত্যাগ কৰা নিচেই সহজ; জীৱনৰ জয়োৎসৱ; মাফিয়া; মোচাহেব; আগাথা ক্ৰিষ্তি; ৰবাৰ্ট ওপেনহাইমাৰ; কবি অমলেন্দু গুহ; জন কনষ্টেবল; কমেডিতকৈ ট্ৰেজেডি কিয় শ্ৰেষ্ঠ?; ভেকুলী; ছেমুৱেল স্মাইলছ; আৰু জীৱন সদায় জয়ী হয়।[1]
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।[3]
. . . পাঠকৰ টোকাবহী . . .