AS

মহিলাৰ বিৰুদ্ধে হিংসা

মহিলাৰ বিৰুদ্ধে হিংসা (ইংৰাজী: Violence against women), যাক লিংগ-আধাৰিত হিংসা[1] আৰু যৌন আধাৰিত হিংসা বুলিও কোৱা হয়।[2] ই হৈছে মুখ্যতঃ একমাত্ৰ মহিলা বা ছোৱালীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্য। এনে ধৰণৰ হিংসাক প্ৰায়ে ঘৃণামূলক অপৰাধৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।[3] মহিলাৰ বিৰুদ্ধে হিংসাৰ এক দীঘলীয়া ইতিহাস আছে, যদিও সময়ৰ লগে লগে এনে ধৰণৰ হিংসাৰ ঘটনা আৰু তীব্ৰতা সলনি হৈছে আৰু আজিও সমাজভেদে পৃথক হিংসাকাৰ্য্য দেখা যায়। এনে ধৰণৰ হিংসা সাধাৰণতে সমাজত হওঁক বা পাৰস্পৰিক সম্পৰ্কত হওঁক প্ৰায়ে মহিলাৰ বশ্যতাৰ এক প্ৰণালী হয়। এনে ধৰণৰ হিংসা অপৰাধীৰ হিংসাত্মক প্ৰকৃতিৰ ফলত, শ্ৰেষ্ঠতা দেখুওৱাৰ অভিপ্ৰায়, বিদ্বেষ বা একে ধৰণৰ মনোভাৱৰ পৰা উদ্ভৱ হ’ব পাৰে আৰু বিশেষকৈ মহিলাৰ বিৰুদ্ধে হয়।

প্ৰতি ১০০,০০০ জনসংখ্যাত মহিলাৰ হত্যাকাণ্ড দেখুওৱা পৃথিৱীৰ এখন মানচিত্ৰ, ২০১৯

. . . মহিলাৰ বিৰুদ্ধে হিংসা . . .

জিন ইগনেছ ইচিডোৰ গেৰাৰ্ডৰ পৰা এটা দৃষ্টান্ত জেজে গ্ৰেণ্ডভিলৰ চেণ্ট প্ৰোভাৰবছ (১৮৪৫)। শিৰোনাম আছিল “কুই আইমে বিয়েন চেটি বিয়েন”(‘যিয়ে প্ৰেম কৰে, তেওঁ ভাল শাস্তিও দিয়ে)। এগৰাকী মহিলাক প্ৰহাৰ কৰা এজন পুৰুষক পিছফালে দেখুওৱা হৈছে
ডাইনী জ্বলোৱা, ষ্টকত থকা আনসকলৰ সৈতে
সতীদাহ প্ৰথা (এক হিন্দু প্ৰথা যাৰ দ্বাৰা এগৰাকী বিধৱা তেওঁৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াত নিজকে বলি দান দিয়ে)।

ইতিহাস চালে দেখা যায়, মহিলাৰ বিৰুদ্ধে হিংসাৰ বিষয়ে তথ্য কম। ইয়াৰ আংশিক কাৰণ হৈছে মহিলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ হিংসা (বিশেষকৈ ধৰ্ষণ, যৌন নিৰ্যাতন, আৰু ঘৰুৱা হিংসা) কম প্ৰতিবেদিত হয়। প্ৰায়ে সামাজিক নিয়ম, নিষিদ্ধতা, কলঙ্ক, আৰু বিষয়টোৰ সংবেদনশীলতাৰ বাবে এইবোৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰা নহয়।[4][5] সেইবাবে আজিও নিৰ্ভৰযোগ্য তথ্যৰ অভাৱত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ এক স্পষ্ট ছবিৰৰ পৰ্যাপ্ত তথ্য নাই। [6]

যদিও মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ উদাহৰণ ইতিহাসত কম পোৱা যায়, এইটো স্পষ্ট যে বেছিভাগ হিংসা স্বীকাৰ কৰা হৈছিল, ক্ষমা কৰা হৈছিল আৰু আনকি আইনসঙ্গতৱে অনুমোদনো জনোৱা হৈছিল।[7] উদাহৰণ স্বৰুপে ৰোমান আইনে পুৰুষসকলক তেওঁলোকৰ পত্নীক শাস্তি দিয়াৰ অধিকাৰ দিছিল, আনকি মৃত্যুলৈকে,[8] আৰু ডাইনীহত্যা, ডাইনী দাহ, আদি প্ৰথাক গীৰ্জা আৰু ৰাজ্য উভয়ে ক্ষমা কৰিছিল।[7]

মহিলাৰ বিৰুদ্ধে হিংসাৰ ঐতিহাসিক দৃষ্টিভংগীত মহিলাসকলক সম্পত্তি হিচাপে আৰু আনৰ অধীনত থকাৰ দৃষ্টিকোণত প্ৰকাশ কৰা হয় । [9] মহিলাৰ বিৰুদ্ধে হিংসাৰ পৰিসৰ আৰু ইতিহাস ব্যাখ্যা কৰিবলৈ সচৰাচৰ পিতৃতান্ত্ৰিকতা আৰু বিশ্বব্যৱস্থা য’ত লিংগ অসমতা সদায় বিদ্যমান আৰু চিৰস্থায়ী, তেনেধৰণৰ বাখ্যা ব্যৱহাৰ হয়।[5][6] মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত (১৯৯৩) কোৱা হৈছে, “মহিলাৰ বিৰুদ্ধে হিংসা হৈছে পুৰুষ আৰু মহিলাৰ মাজত ঐতিহাসিকভাৱে অসমান ক্ষমতাৰ এক প্ৰকাশ, যাৰ ফলত পুৰুষৰ দ্বাৰা মহিলাৰ ওপৰত আধিপত্য আৰু বৈষম্য আৰু মহিলাৰ সম্পূৰ্ণ উন্নতি প্ৰতিৰোধ কৰা হয়। মহিলাৰ বিৰুদ্ধে হিংসা হৈছে এক গুৰুত্বপূৰ্ণ সামাজিক প্ৰণালী যাৰ দ্বাৰা পুৰুষৰ তুলনাত মহিলাসকলক পুৰুষৰ অধীনস্থ হ’বলৈ বাধ্য কৰা হয়।” [10][11] ৰাষ্ট্ৰসংঘৰ মতে, “পৃথিৱীৰ এনে কোনো অঞ্চল নাই, কোনো দেশ নাই আৰু এনে কোনো সংস্কৃতি নাই য’ত হিংসাৰ পৰা মহিলাৰ স্বাধীনতা সুৰক্ষিত কৰিব পৰা গৈছে।[6] পৃথিৱীৰ কিছুমান প্ৰান্তত, প্ৰায়ে উন্নয়নশীল দেশবোৰত বিভিন্ন ধৰণৰ হিংসা প্ৰচলিত। উদাহৰণ স্বৰূপে, যৌতুক হিংসা আৰু কইনা জ্বলোৱা ভাৰত, বাংলাদেশ আৰু নেপাল প্ৰচলিত। এচিড নিক্ষেপ কৰাৰ দৰে হিংসাকাৰ্য্য এই দেশবোৰৰ, লগতে কম্বোডিয়াকে ধৰি দক্ষিণ-পূব এছিয়াৰ সৈতেও জৰিত। অনাৰ কিলিং মধ্য প্ৰাচ্য আৰু দক্ষিণ এছিয়াৰ সৈতে সম্পৰ্কিত। মহিলাৰ যৌনাঙ্গৰ বিকৃতকৰণ বেছিভাগ আফ্ৰিকাত, আৰু কিছু পৰিমাণে মধ্য প্ৰাচ্য আৰু এছিয়াৰ আন কিছুমান অঞ্চলত এতিয়াও দেখা যায়। অপহৰণৰ দ্বাৰা বিবাহ ইথিওপিয়া, মধ্য এছিয়া আৰু ককেছাছত পোৱা যায়। কইনাৰ মূল্য পৰিশোধ সম্পৰ্কীয় উৎপীড়ন (যেনে হিংসা আৰু বলপূৰ্বক বিবাহ) চাব-চাহাৰা আফ্ৰিকা আৰু ওচেনিয়াৰ কিছু অংশত প্ৰচলিত।[12][13]

. . . মহিলাৰ বিৰুদ্ধে হিংসা . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . মহিলাৰ বিৰুদ্ধে হিংসা . . .

Back To Top