AS

যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে

যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে (ইংৰাজী: Jorehaut Provincial Railway, চমুকৈ JPR) ব্ৰিটিছ অসমৰ শিৱসাগৰ জিলাৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ এটা ২ ফুট বহল নেৰ’গজ ৰেলসেৱা আছিল। প্ৰথমে ককিলামুখ ট্ৰামৱে নামকৰণ কৰা এই ৰেলসেৱাৰ নাম পিছলৈ ককিলামুখ ষ্টেট ৰেলৱে, যোৰহাট ষ্টেট ৰেলৱে আৰু যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে হৈছিল। ১৮৮৪ চনৰ ৯ ডিচেম্বৰত গোহাঁইগাঁৱৰ পৰা যোৰহাট নগৰলৈ ৭ মাইল দৈৰ্ঘৰ পথ মুকলি কৰা হয়।[2] পৰৱৰ্তী পৰ্যায়ত ইয়াক তিতাবৰলৈ সম্প্ৰসাৰণ কৰা হয় আৰু এটা শাখা পথ চিনামৰাৰ পৰা মৰিয়নিলৈ নিৰ্মাণ কৰা হয়।[3]

যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে
অঞ্চল অসম
কাৰ্যকাল ১৮৮৩১৯৪৩[1]
ট্ৰেক গজ ২ ফুট
দৈৰ্ঘ্য ২৮.৫ মাইল

. . . যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে . . .

১৮৭৯ চনত ডব্লিঊ. ডব্লিঊ. হাণ্টাৰৰ ‘A Statistical Account of Assam’ত যোৰহাট নগৰৰ বাণিজ্যিক গুৰুত্বৰ ওপৰত এক আলোকপাত প্ৰকাশিত হয়। ১৮৬৫ চনত যোৰহাট নগৰত ১৬০খন দোকান আছিল, তাৰে ২৮খন মাৰোৱাৰী ব্যৱসায়ীসকলৰ। তেওঁলোকে কপাহী আৰু ঊণীবস্ত্ৰ, নিমখ, সৰিয়হৰ তেল, ধঁপাত, গুড়, শুকান মটৰমাহ, মাখন, সোণ, প্ৰবাল, পিতলৰ বাচন-বৰ্তন, ৰন্ধন সৰঞ্জাম, , কাঁচৰ অলংকাৰ ইত্যাদি কলিকতা, চিৰাজগঞ্জ আৰু গোৱালপাৰাৰ পৰা আমদানি কৰিছিল আৰু ইয়াৰ পৰা পাটকাপোৰ, সৰিয়হৰ বীজ, আৰু হাতীদাঁত ৰপ্তানি কৰিছিল। কেইখনমান মুছলমান লোকৰদ্বাৰা পৰিচালিত দোকানত ইউৰোপীয় বস্তু-বাহানিৰ বেচা-কিনাও চলিছিল। কিন্তু যোগাযোগ ব্যৱস্থা সেই অনুৰূপে উন্নত নাছিল। নগৰৰপৰা ককিলামুখ ঘাটলৈকে দ ঠাইৰ মাজেৰে পাৰ হৈ যোৱা দহমাইল কেঁচাপথছোৱা পাৰ কৰা এক কঠিন কাৰবাৰ আছিল। বিশেষকৈ বাৰিষা কালত পথৰ দুৰৱস্থাই মানুহক বাৰুকৈয়ে জীয়াতু ভোগাইছিল। কিন্তু সেই পথেৰে যাতায়াতৰ বাৰংবাৰতা অসমৰ আন যিকোনো ঠাইতকৈ ঘন আছিল। ৰেলপথৰ উপযোগিতা সেই সময়ত ডিব্ৰু-শদিয়া ৰেলপথচোৱাই প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট বাকী আছিল। যোৰহাট চাহ কোম্পেনীৰ হাতী-গাড়ী আৰু নাৱৰ বাহিৰে আন পৰিবহণ ব্যৱস্থাৰ কথা যোৰহাটত কোনো বেৰী হোৱাইট নাছিল। ৰেলপথৰ ওপৰত গুৰুত্ব দিবলৈ ওচৰে-পাজৰে কোনো খনিও নাছিল। গতিকে নতুন ৰেলপথ এটাৰ আৱিৰ্ভাৱ হোৱাটো প্ৰান্তীয় শাসন ব্যৱস্থাৰ মুৰব্বীসকলৰ অনুভৱৰ ওপৰতে নিৰ্ভৰ কৰিছিল। ইতিমধ্যে দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ সোৱাদ পাই অভিভূত হোৱা চীফ কমিচনাৰ ষ্টুৱাৰ্ট বেইলীয়ে (Steuart Bayley) ১৮৮২ চনত ভাৰত চৰকাৰৰ অনুমতি অবিহনেই যোৰহাটত এটা ৰেলপথ বহুৱাৰ কাৰণে ১,১১,৩২০ টকা অসমৰ প্ৰভিঞ্চিয়েল ৰেভিনিউৰ পৰা মোকলাই দিয়ে। তাৰ কাৰণে তেওঁ জবাবদিহী হ’বলগীয়া হ’লেও ভাৰত চৰকাৰে প্ৰকল্পটোত অনুমোদন কৰে। কিন্তু বেইলীৰ প্ৰকল্পটো যথেষ্ট যুগান্তকাৰী আছিল – ককিলামুখৰ সমীপৱৰ্তী গোঁহাইগাঁৱৰপৰা যোৰহাট নগৰলৈ ৭ মাইল দৈৰ্ঘৰ এক ৰেলপথ। অদূৰ ভৱিষ্যতত ১৮৮৩ চনত ৰেলপথছোৱা ককিলামুখ ঘাটলৈকে সম্প্ৰসাৰণ কৰাত ই সহায়ক হৈ পৰিছিল। সেইবছৰ ছেপ্টেম্বৰ মাহত দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ দৰেই ২ ফুট গজৰ ৰেলপথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়, যিহেতু প্ৰধানকৈ নগৰ আৰু ঘাটৰ মাজত চাহপাত আৰু অন্যান্য পণ্য সামগ্ৰী পৰিবহণহে ইয়াৰ লক্ষ্য আছিল। সামান্য মূলধনেৰে সৈতে ২ ফুট গজ এক সঠিক সিদ্ধান্তই আছিল। ডিব্ৰু-শদিয়া ৰেলপথৰ প্ৰতি মাইল নিৰ্মাণ কাৰ্যত ১.২ লাখ টকা খৰচ হোৱাৰ বিপৰীতে ককিলামুখ ট্ৰামৱেৰ প্ৰতি মাইল নিৰ্মাণত ২৯,০০০ টকাহে খৰচ হৈছিল।

History of Indian Railwaysত দিয়া তথ্য অনুসৰি ককিলামুখ ট্ৰামৱেৰ মুকলি হোৱা তাৰিখ ৯ ছেপ্টেম্বৰ, ১৮৮৩ যদিও ১৮৯০-৯১ সংখ্যাৰ Indian Railways Administrative Report অনুসৰি এই ৰেলপথছোৱা ১৮৮৪ চনৰ ১৫ ডিচেম্বৰ তাৰিখে মালবাহী যাতায়াতৰ কাৰণে আৰু যাত্ৰীবাহী সেৱাৰ কাৰণে ১৮৮৫ চনৰ ১৭ অক্টোবৰ তাৰিখে মুকলি হয়। কিন্তু চৰকাৰী পুৰণি নথিত পোৱা তথ্য অনুসৰি ৰেলপথছোৱা মুকলি কৰা হয় ১৮৮৪ চনৰ ৯ ডিচেম্বৰত।

অসমৰ এই দ্বিতীয় ৰেলপথছোৱাই অতিশীঘ্ৰেই ইয়াৰ কাৰ্যকাৰিতা প্ৰতিষ্ঠা কৰে। চাহশিল্পই সোনকালেই এই অকণমানি ৰেলসেৱাটিৰ উপযোগিতা অনুধাৱন কৰি উঠে। ঘটনাক্ৰমত শীঘ্ৰেই সকলো চাহবাগিছাকে সংযোগ কৰি ৰেলপথৰ সম্প্ৰসাৰণৰ এখ সামূহিক দাবীও উত্থাপিত হয়। ৩,৯৬,৫০০ টকা ব্যয় সাপেক্ষ মূল ৰেলপথছোৱাক তিতাবৰলৈকে সম্প্ৰসাৰণ কৰাৰ লগতে এক শাখাপথ মৰিয়নিলৈ সম্প্ৰসাৰণৰ এক প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা হয়। প্ৰস্তাৱটোত এক টিপ্পনীও যোগ দিয়া হৈছিল যে এই সম্প্ৰসাৰণে অঞ্চলটোত যোগান আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে প্লাৱনভূমিৰ আশে-পাশে পতিত মাটিৰ কৰ্ষণত উদগনি যোগাব। ১৮৮৩ চনৰ ছেপ্টেম্বৰ মাহত লৰ্ড ৰিপনে এই প্ৰস্তাৱত অনুমোদন জনায় কিন্তু এক চৰ্ত সংলগ্ন কৰি দিয়ে যে ৰেলপথছোৱাৰ নাম পূৰ্বৰ “ককিলামুখ ট্ৰামৱে”ৰ পৰা “ককিলামুখ ষ্টেট ৰেলৱে”লৈ সলনি কৰা উচিত।

১৮৮৪ চনৰ নৱেম্বৰলৈ ধলী নদীলৈকে ৰেলপথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু সেই বছৰৰে ১৫ ডিচেম্বৰৰ পৰা মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়। কিন্তু ১৮৮৬ চনৰ ২৬ ফেব্ৰুৱাৰীলৈকে ৰেলপথছোৱা যাত্ৰীবাহী ৰেলৰ চলাচলৰ উপযোগী হিচাপে গণ্য কৰা হোৱা নাছিল যদিও মালবাহী ৰেলৰ চলাচল তেতিয়ালৈকে সুচাৰুৰূপেই পৰিচালিত হৈছিল।

ইতিমধ্যে ১৮৮৪ চনৰ ৯ ডিচেম্বৰত গোঁহাইগাঁও আৰু যোৰহাটৰ মাজৰ ৰেলপথছোৱাৰ “ককিলামুখ ষ্টেট ৰেলৱে” হিচাপে পুনঃনামকৰণ কৰা হয় আৰু অসমৰ চীফ কমিছনাৰ ছাৰ চি. এ. এলিয়টে আনুষ্ঠানিকভাৱে পথছোৱা মুকলি কৰে।

শীঘ্ৰেই ধলী নদীৰ ওপৰেৰে দলং নিৰ্মাণ কৰা হয় আৰু ১৮৮৭ চনৰ ১৬ জুলাইত ১.৭৫ মাইল দূৰৰ তিতাবৰলৈকে ৰেলপথছোৱাৰ সম্প্ৰসাৰণ ঘটে। অৱশ্যে এই অংশৰ পুনৰীক্ষণ আৰু অঞ্চল বিশেষে পুনৰ্স্থাপনৰ পিচত ১৮৮৮ চনৰ ২৬ ফেব্ৰুৱাৰীত প্ৰথম যাত্ৰীবাহী ৰেলৰ চলাচল হয়। চিনামৰাৰ পৰা মৰিয়ণিলৈকে ৭ মাইল দৈৰ্ঘৰ ৰেল উপপথচোৱাৰ নিৰ্মাণ কাৰ্য ১৮৮৪ চনৰ ডিচেম্বৰত সম্পূৰ্ণ হয় আৰু ১৮৮৫ চনৰ জানুৱাৰীৰ ৭ তাৰিখে প্ৰথম মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়। কিন্তু যাত্ৰীবাহী ৰেলৰ চলাচলৰ কাৰণে ১৮৮৮ চনৰ ২৬ ফেব্ৰুৱাৰীলৈকে আৰু তিনিবছৰ বাট চাব লগীয়া হয়। মৰিয়নি সংযোগকাৰী ৰেলপথছোৱা সম্পূৰ্ণ হোৱাৰ লগে লগে চিনামৰা অসমৰ ৰেলপথৰ ইতিহাসত মাকুমৰ পিচত দ্বিতীয়টো ৰেল জংছন হিচাপে পৰিগণিত হয়।

গোঁহাইগাঁও ৰেলপথছোৱাৰ টাৰ্মিনাছ হিচাপে গণ্য কৰা হ’লেও খৰালি কালৰ বিকল্প হিচাপে ৩.২৫ মাইলৰ আন এক সম্প্ৰসাৰণ ১৮৮৯ চনৰ নৱেম্বৰৰ ১১ তাৰিখে মুকলি কৰা হয়। ইয়াৰ লগে লগে সমগ্ৰ ৰেলপথছোৱাৰ সৰ্বমুঠ দৈৰ্ঘ্য ২৮.৫ মাইল হয়।

. . . যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে . . .

Back To Top