শাৰদা সিনহা (১ অক্টোবৰ ১৯৫২) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁ মূলতঃ মৈথিলী ভাষাৰ কণ্ঠশিল্পী যদিও তেওঁ ভোজপুৰী আৰু মগহী ভাষাৰ গীতটো কণ্ঠদান কৰিছে। তেওঁ ছট পূজাৰ গীত ‘হো দিননাথ’ৰ মৈথিলী সংস্কৰণ গাই বিশেষভাবে জনাজাত হৈ পৰিছিল। মৈথিলী লোকসংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯১ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০১৮ চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[2][3]
. . . শাৰদা সিনহা . . .
১৯৫২ চনৰ ১ অক্টোবৰ তাৰিখে বিহাৰৰ মিথিলা ক্ষেত্ৰৰ চুপোৱাল জিলাৰ হুলাছ গাঁৱত শাৰদা সিনহাৰ জন্ম হৈছিল।[4] তেওঁৰ পিতৃ সুখদেৱ ঠাকুৰ বিহাৰ চৰকাৰৰ শিক্ষা বিভাগৰ এগৰাকী বিষয়া আছিল।[5] সৰুৰে পৰা শাৰদাৰ সংগীতৰ প্ৰতি ৰাপ থকা দেখি তেওঁৰ পিতৃয়ে এগৰাকী নৃত্য-গীতৰ শিক্ষক ঘৰত আহি শিকোৱা ব্যৱস্থা কৰি দিছিল।[5] পিছলৈ তেওঁ পটনা বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰে।[6] তেওঁৰ ব্ৰজকিশোৰ সিনহাৰ লগত বিবাহ হোৱাৰ পিছত শহুৰৰ ঘৰৰ পৰা সংগীতৰ ক্ষেত্ৰত অলপ বাধাৰ সন্মুখীন হৈছিল যদিও তেওঁৰ স্বামীয়ে তেওঁক পূৰ্ণ সমৰ্থন জনাইছিল।[4]
শাৰদা সিনহায়ে ৮০ৰ দশকত মৈথিলী, ভোজপুৰী আৰু মগহী ভাষাৰ পাৰম্পৰিক লোকগীত গাই সমাদৃত হৈছিল। লোকগীতৰ বাহিৰে তেওঁ মৈথিলী কবি বিদ্যাপতিৰ গীত শ্ৰদ্ধাঞ্জলি নামৰ এলবামত বাণীবন্ধন কৰিছিল। সেইসময়ত তেওঁৰ ভোজপুৰী গীত সমূহ বিহাৰ আৰু উত্তৰ প্ৰদেশত বিখ্যাত হৈছিল। তেওঁৰ জনপ্ৰিয়তাৰ বাবে এটি গীতৰ বাণীবন্ধনৰ বাবে সেইসময়ত ৫০ হাজাৰ টকা মাননি লাভ কৰিছিল।[7][8] তেওঁ হিন্দী ছবি ‘মেনে প্যাৰ কিয়া’, ‘হাম আপকে হে কন’ আৰু শেহতীয়াকৈ ‘গেংছ অফ ৱাছেপুৰ’ ছবিত কণ্ঠদান কৰিছে। ১৯৮৯ চনত মুক্তি লাভ কৰা ‘মাই’ নামৰ হিন্দী চলচ্চিত্ৰত তেওঁ অভিনয়য়ো কৰিছিল।[8]
ষঠ পূজাৰ গীতৰ লগত শাৰদা সিনহাৰ নাম বিশেষভাবে জড়িত হৈ আছে। পাৰম্পৰিক ষঠ গীত সমূহ গাই তেওঁ বিখ্যাত হৈ পৰিছিল। তেওঁ দেশ বিদেশৰ বিভিন্ন ঠাইত সংগীতানুষ্ঠান পৰিবেশন কৰিছে।
. . . শাৰদা সিনহা . . .