AS

অমৃতা সুৰেশ

অমৃতা সুৰেশ (জন্ম: ২ আগষ্ট, ১৯৯০) হ’ল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ’ জ’কি। এছিয়ানেটত ২০০৭ চনত অনুষ্ঠিত ৰিয়েলিটি টিভি সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণৰ পাছত তেওঁ জনপ্ৰিয় হৈ পৰে। তেতিয়াৰেপৰা তেওঁ কেইবাখনো চিনেমা আৰু মিউজিক এলবামত কাম কৰিছে। ৰেডিঅ’ সুনৌ নাইনটি ওৱান পইণ্ট চেভেনৰ সংগীত অনুষ্ঠান সুনৌ মেলডিজৰ তেওঁ এগৰাকী বিখ্যাত হস্তী। ২০১৪ চনত তেওঁ অমৃতম গময় নামেৰে এটি মিউজিক বেণ্ড আৰম্ভ কৰে, য’ত অমৃতা আৰু তেওঁৰ ভগ্নী অভিৰামি সুৰেশ লীড ভকেলিষ্ট আছিল।

অমৃতা সুৰেশ
জন্ম ২ আগষ্ট, ১৯৯০ (৩১ বছৰ)
কোচি, কেৰালা, ভাৰত
অন্য নাম অম্মু
পেচা
  • গায়িকা
  • কম্পজাৰ
  • ৰেডিঅ’ জ’কি
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০০৭  ৰ পৰা এতিয়ালৈকে
দাম্পত্যসঙ্গী বালা (বি. ২০১০; বিবি. ২০১৯)
সন্তান
আত্মীয়-স্বজন অভিৰামি সুৰেশ (ভগ্নী)
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
  • পপ
  • শাস্ত্ৰীয় সংগীত
  • লোক সংগীত
  • গজল
  • ভজন
  • ৰ’ক
বাদ্যযন্ত্ৰ কণ্ঠ
ৰেকৰ্ড লেবেল স্বাধীন শিল্পী
সহযোগী কাৰ্য অমৃতম গময়
ৱেবছাইট
amrutamgamay.com

. . . অমৃতা সুৰেশ . . .

১৯৯০ চনৰ ২ আগষ্ট তাৰিখে সংগীতকাৰ পি আৰ সুৰেশ আৰু লেইলাৰ[1] ঘৰত অমৃতাৰ জন্ম হয়। অমৃতাৰ দেউতাক সুৰেশ হিন্দু আৰু মাক লেইলা খ্ৰীষ্টিয়ান আছিল। তেওঁতকৈ পাঁচ বছৰে সৰু তেওঁৰ ভগ্নীৰ নাম হ’ল অভিৰামি সুৰেশ।[2] তেওঁলোক কোচিৰ ইৰাপল্লীৰ।[3] পৈতৃক সূত্ৰে সংগীতকাৰৰ পৰিয়ালত জন্ম হোৱা বাবে অমৃতাৰ সৰুৰেপৰা সংগীতৰ প্ৰতি অনুৰাগ আছিল। ডিয়ন আৰু মাইকেল জেকছনৰ পাৰা অনুপ্ৰাণিত হৈ তিনি বছৰ বয়সৰেপৰা অমৃতাই গান গাবলৈ আৰম্ভ কৰে।[4] পঢ়া-শুনাতো তেওঁ ভাল আছিল আৰু বিদ্যালয়ত শীৰ্ষস্থান অধিকাৰ কৰিছিল। তথাপি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত তেওঁ দূৰদৰ্শনৰ ৰিয়েলিটি শ্ব’ আইডিয়া ষ্টাৰ চিংগাৰত অংশগ্ৰহণ কৰিবলৈ পঢ়া স্থগিত ৰাখে। শেষত অনানুষ্ঠানিক ভাবে তেওঁ পঢ়া শেষ কৰে।[5]

সৰুতেই মঞ্চ অনুষ্ঠান পৰিৱেশন কৰি অমৃতাই তেওঁৰ সংগীতকাৰ পৰিয়ালটোক প্ৰতিনিধিত্ব কৰিছিল। সাত বছৰ বয়সতে তেওঁ নাদিৰছাহৰ মঞ্চ অনুষ্ঠানত শিশু শিল্পী ৰূপে গীত পৰিৱেশন কৰিছিল।[6] টেলিভিচনৰ আইডিয়া ষ্টাৰ চিংগাৰ ৰিয়েলিটি শ্ব’ত ভাগ লৈ[7] অমৃতাই চিনেমাত গীত গোৱাৰ পথ প্ৰশস্ত কৰিছিল। তেতিয়াৰপৰাই তেওঁ মালয়ালম চলচ্চিত্ৰৰ বাবে গীত গাইছে। নেপথ্য কণ্ঠশিল্পী ৰূপে পুল্লিমান তেওঁৰ প্ৰথম চিনেমা। আগাথান(২০১০) চিনেমাত তেওঁ গোৱা মুন্থিৰপু গীতটিৰ গায়ন শৈলী উচ্চ প্ৰশংসিত হৈছিল।[8]

অমৃতাৰ প্ৰথমটো একক গীত অনাথে ২০১৭ চনত মুক্তি পাইছিল। গীতটি মহিলা আৰু মাতৃত্বলৈ উচৰ্গিত আছিল।[9] থীমটোৰ বাবে গীতটিয়ে দৰ্শক-শ্ৰোতাৰ ধনাত্মক সঁহাৰি লাভ কৰে আৰু অমৃতালৈ কেইবাখনো তামিল ছবিওত অভিনয়ৰ প্ৰস্তাৱ আহে।[10] অভিনয় কৰিবলৈ অমৃতা অমান্তি হয়। এখন কানাডিয়ান প্ৰযোজনাৰ ইংৰাজী ছবিত অভিনয় কৰাৰ প্ৰস্তাৱো অমৃতাই লাভ কৰিছিল। একে বছৰতে অমৃতাই ৰেডিঅ’ সুনৌ নাইটি ওৱান পইণ্ট চেভেনত ৰেডিঅ’ জ’কি ৰূপে কাম কৰিবলৈ আৰম্ভ কৰে।[2]

২০১৯ চনত তেওঁ জুন চিনেমাত গোৱা মিন্নি মিন্নি গীতটোৰ বাবে শ্ৰেষ্ঠ গায়িকা শিতানত মাযহাভিল মিউজিক এৱাৰ্ড বঁটাৰ মনোনয়ন পায়।[11][12]

. . . অমৃতা সুৰেশ . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . অমৃতা সুৰেশ . . .

Back To Top