একত্ৰিশ জুন (ইংৰাজী: Ektrish June) প্ৰথম অসমীয়া ফেণ্টাচী ছবি। তুৰংগ ফিল্মছৰ বেনাৰত উনেম আহমেদ আৰু লক্ষ্মণ শ্বাহ প্ৰযোজিত আৰু ভাস্কৰ বৰা পৰিচালিত এই ছবিখন ১৯৯৪ৰ ৮ এপ্ৰিলৰ দিনা মুক্তি পাইছিল।[1]
. . . একত্ৰিশ জুন . . .
চল্লিচ বছৰ বয়সলৈ অবিবাহিত হৈ থকা, কেবল অধ্যয়ন আৰু অধ্যাপনাতে ব্যস্ত হৈ থকা ইংৰাজী বিষয়ৰ অধ্যাপক মহৎ শইকীয়াই হঠাৎ উপলব্ধি কৰে যে প্ৰেম সম্পৰ্কে তেওঁৰ কোনো অভিজ্ঞতাই নহ’ল আৰু তেওঁৰ জীৱনটো আধৰুৱা হৈ ৰ’ল। বন্ধু তথা সহকৰ্মী সঞ্জীৱ দত্তই তেওঁক একেখন কলেজৰে অধ্যাপিকা ময়ূৰী বৰুৱাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িবলৈ পৰামৰ্শ দিয়ে। ময়ূৰীৰো কিছু বয়স হৈছে। বন্ধুৰ পৰামৰ্শ মতে মহতে ময়ূৰীৰ সৈতে সম্পৰ্ক গঢ়িবলৈ প্ৰচেষ্টা চলায় যদিও ময়ূৰীৰ প্ৰতি তেওঁৰ কোনো প্ৰেমৰ অনুভূতি জাগ্ৰত নহ’ল। তেওঁ অনুভৱ কৰে যে নাৰীৰ প্ৰেমত পৰাৰ শক্তি হেৰুৱাই পেলাইছে।
হতাশাগ্ৰস্ত মহৎ শইকীয়াই এনিশা সুৰামত্ত অৱস্থাত কামদেৱৰ দৰ্শন পায়। কামদেৱে তেওঁক এটুকুৰা পঞ্চমুখী শিলাখণ্ডলৈ যাবলৈ পৰামৰ্শ দিয়ে, য’ত দয়ালু বাবাৰ আত্মাই বিৰাজ কৰে। সেই অনুসৰি তেওঁ দয়ালু বাবাৰ ওচৰলৈ যায়। দয়ালু বাবাই তেওঁক এজন কিশোৰলৈ ৰূপান্তৰ হোৱাৰ বৰ দিয়ে। বাবাই চৰ্ত বান্ধি দিয়ে যে এই কিশোৰ ৰূপ তেওঁ তিনিমাহৰ বাবে পাব। এই তিনিমাহতে তেওঁ প্ৰেমৰ অনুভৱ লাভ কৰিব। ঠিক তিনিমাহ পিছত ৩১ জুনৰ দিনা আগৰ ৰূপলৈ ঘূৰি যাবলৈ পুনৰ বাবাৰ ওচৰলৈ যাব লাগিব। অন্যথা তেওঁ গাধলৈ ৰূপান্তৰ হ’ব। সেই অনুসাৰে মহৎ শইকীয়া প্ৰীতমলৈ ৰূপান্তৰ হ’ল আৰু মহতৰে ভাগিনীয়েক বুলি পৰিচিতি লৈ কলেজত নাম লিখালে।
পংখী- ময়ূৰী বৰুৱাৰ ভাগিনীয়েক; মহতৰ ছাত্ৰী। বয়সত প্ৰীতমতকৈ দুবছৰ ডাঙৰ। এই পংখীৰ লগতে প্ৰীতমৰ প্ৰেমৰ সম্পৰ্কই গঢ় লয়। প্ৰীতমৰূপী মহতে প্ৰেমৰ সঁচা অনুভূতি লাভ কৰে। হঠাৎ তেওঁ আৱিষ্কাৰ কৰে যে কেলেণ্ডাৰত কোনো ৩১ জুন তাৰিখ নাই।
৩০ জুনৰ দিনা প্ৰীতমে ভগ্ন হৃদয়েৰে পংখীৰ পৰা বিদায় লৈ বাবাৰ ওচৰলৈ যায়। বাবাই দেখা দি কয় যে তেওঁ সময়ৰ উৰ্ধত। সেয়েহে ৩১ জুন তাৰিখটো প্ৰীতমে যেতিয়াই বিচাৰে তেতিয়াই আনি দিব পাৰিব। কিন্তু গভীৰ অন্তৰ্দ্বন্দ্ব্বত ভোগা, প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাহস গোটাব নোৱাৰা, ভীতিগ্ৰস্ত প্ৰীতমে তেওঁক পুনৰ আগৰ ৰূপলৈ আনি দিবলৈ অনুৰোধ জনোৱাত বাবাই পুনৰ তেওঁক চল্লিশ বছৰীয়া মহৎ শইকীয়ালৈ ৰূপান্তৰ কৰি দিয়ে। ইফালে প্ৰীতমক হেৰুৱাই পংখী ভাগি পৰিল। মহতে অনুভৱ কৰিলে যে তেৱোঁ সঁচাকৈ পংখীৰ প্ৰতি গভীৰ প্ৰেমত নিমজ্জিত হৈছে। তেওঁ পুনৰ বাবাৰ ওচৰলৈ গ’ল, যাতে বাবাই পুনৰ তেওঁক প্ৰীতমলৈ ৰূপান্তৰ কৰি দিয়ে। এইবাৰ কিন্তু বাবাই তেওঁক দেখা নিদিলে। তাইৰ অৱস্থা চাই থাকিব নোৱাৰি মহতে এদিন সকলো কথা তাইক খুলি ক’লে আৰু ক্ষমা বিচাৰিলে। অৱশেষত পংখীয়ে তাইৰ ফালৰ পৰা মহতক ‘৩১ জুন’ৰ প্ৰস্তাৱ দিলে।[1]
. . . একত্ৰিশ জুন . . .