AS

চৰাই নিৰীক্ষণ

চৰাই নিৰীক্ষণ (ইংৰাজী: Bird Watching) হৈছে বন্যজীৱ নিৰীক্ষণৰ এক প্ৰকাৰ য’ত চৰাই-চিৰিকতি পৰ্যবেক্ষণ কৰা হয়। ই এক আজৰি সময়ৰ চখৰ লগতে বৈজ্ঞানিক গৱেষণাৰ এক গুৰুত্বপূৰ্ণ আহিলা। চৰাইৰ মাত অনুসৰণ কৰি বা ৱেবকেমৰ নিৰ্দেশনা অনুসৰি খালি চকু বা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চৰাই নিৰীক্ষণ কৰা হয়।[1][2]

এদল চৰাই পৰ্যবেক্ষক ছাত্ৰ- ছাত্ৰী

. . . চৰাই নিৰীক্ষণ . . .

  • কোনো এক অঞ্চলৰ বা বনাঞ্চলৰ পক্ষীকূলৰ বিজ্ঞানসন্মতভাৱে নথিভুক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈ। এনে তালিকা সেই অঞ্চলৰ বা বনাঞ্চলখনৰ জৈৱ বৈচিত্ৰ্যৰ পৰিচায়ক হ’ব পাৰে।
  • যদি আগতে এক অঞ্চলৰ পৰা নথিভুক্ত কৰা চৰাইৰ সংখ্যা বা তাৰ প্ৰজাতিৰ সংখ্যা পিছৰ পৰ্যায়ত কমি যায় বা নোহোৱা হয় অথবা বৃদ্ধি পাই, তেন্তে সেই অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ ঋণাত্মক বা যোগাত্মক পৰিৱৰ্তন অনুধাৱন কৰিব পাৰি। যিহেতু চৰাইৰ উপস্থিতিয়ে এক অঞ্চলৰ পৰিস্থিতি- তন্ত্ৰৰ স্বাস্থ্য নিৰূপণ কৰাৰ এক কাৰক হিচাপে কাম কৰে।
  • নৱ- প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰিবলৈ ই এক অন্যতম আহিলা।
  • বন্যজীৱ সম্পৰ্কীয় গৱেষণাৰ কাৰণেও চৰাইৰ নিৰীক্ষণ বা পৰ্যবেক্ষণ অতি জৰুৰী।
  • যিহেতু বীজ বিস্তাৰণৰ ক্ষেত্ৰত পক্ষীকূলে বিশেষ ভূমিকা গ্ৰহণ কৰে, গতিকে, পক্ষী পৰ্যবেক্ষণৰ জৰিয়তে জ্ঞাত হোৱা বিশেষ কিছুমান চৰাইৰ উপস্থিতিয়ে নতুন গছপুলি সৃষ্টিৰ সম্ভাৱনা বহন কৰে।

. . . চৰাই নিৰীক্ষণ . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . চৰাই নিৰীক্ষণ . . .

Back To Top