AS

তেজপাত

তেজপাত (বৈজ্ঞানিক নাম:Cinnamomum tamala)[3] এবিধ সুগন্ধি গুল্মজাতীয় উদ্ভিদ। ইয়াৰ পাত শুকুৱাই বা কেঁচাকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ডালচেনি গোত্ৰৰ অন্তৰ্গত এই উদ্ভিদ মূলতঃ ভাৰত, বাংলাদেশ, নেপাল, ভূটান আৰু চীন দেশত পোৱা যায়।[3][4] ইয়াৰ পাত আৰু অন্যান্য অংশৰ এক সুকীয়া গোন্ধ আৰু জ্বলা জ্বলা সোৱাদ আছে। তেজপাত ঘাইকৈ খাদ্য সুগন্ধিকৰণত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ ঔষধি গুণো আছে। অতীজৰে পৰা বিভিন্ন পাৰম্পৰিক ঔষধত তেজপাত ব্যৱহাৰ কৰা উল্লেখ পোৱা যায়।[5] ই ভাৰতীয় খাদ্যৰ অন্যতম অপৰিহাৰ্য মছলা।

তেজপাত
dried Indian bay leaves
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Magnoliids
বৰ্গ: Laurales
পৰিয়াল: Lauraceae
গণ: Cinnamomum
প্ৰজাতি: C. tamala
বৈজ্ঞানিক নাম
Cinnamomum tamala
(Buch.-Ham.) T.Nees & C.H.Eberm.
সমাৰ্থক[1]
  • Cinnamomum albiflorum Nees
  • Cinnamomum cassia D.Don nom. illeg.
  • Cinnamomum lindleyi Lukman.
  • Cinnamomum macrocarpum[2]
  • Cinnamomum pauciflorum var. tazia (Buch.-Ham.) Meisn.
  • Cinnamomum reinwardtii Nees
  • Cinnamomum veitchii Lukman.
  • Cinnamomum zwartzii Lukman.
  • Laurus tamala Buch.-Ham.

. . . তেজপাত . . .

তেজপাতক ভিন ভিন ভাষাত ভিন ভিন নামেৰে জনা যায়। ইয়াক ইংৰাজীত ‘ইণ্ডিয়ান বে লিফ’ (Indian Bay Leaf) বোলে। সেইদৰে হিন্দীত ‘তেজপাত্তা'(तेजपत्ता), মৈথিলী আৰু নেপালীত ‘তেজপাত’ (तेजपात), বাংলাত ‘তেজপাতা’, মালয়ালমত (വഴനയില), সংস্কৃত আৰু মাৰাঠীত ‘তমালপত্ৰ’ (तमालपत्र), তেলেগুত ‘বিৰিয়ানী আক্কু’, ছিক্কিমত লেপচা সকলে ‘চাৱৰ কুঙ’ বোলে।[6]

অসমীয়াত তেজপাত নামৰ উৎপত্তি সংস্কৃত ভাষাৰ ‘তমালপত্ৰম’ (तमालपत्त्रम्)ৰ পৰা হৈছে।

শুকান তেজপাত

তেজপাত এবিধ গুল্ম জাতীয় উদ্ভিদ। তেজপাত গছ ওখই প্ৰায় ৭-৮ ফুট মান হয়। ইয়াৰ পাত বোৰ দেখিবলৈ জামুক গছৰ লগত মিল থকা। তেজপাতৰ সিৰাবিন্যাস আন পাততকৈ বেলেগ। কুমলীয়া পাতৰ ৰং ৰঙা। পুৰঠ হলে পাতৰ ৰং পাতল সেউজীয়াৰ পৰা ডাঠ সেউজীয়া হয়। তেজপাত গছৰ দাল কেঁচাই কাটি আনি সেই পাতবোৰ ৰদত শুকুৱাৰ পিছত মছলা হিচাপে ব্যৱহাৰ কৰা হয়। শুকুৱাৰ পিছত পাতৰ বৰণ পাতল মুগা-সেউজীয়া হয়।

তেজপাতত থকা সুগন্ধিকাৰক জৈৱযৌগ সমূহ হ’ল:

  • বিটা কেৰিঅ’ফিলিন (Beta-caryophyllene)[7]
  • লিনালুল (Linalool)[7]
  • কেৰিঅ’ফিলিন অক্সাইড (Caryophyllene oxide)
  • ইউজিনল (Eugenol)[8][9]

. . . তেজপাত . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . তেজপাত . . .

Back To Top