তৰা (ইংৰাজী: Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ’ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।[1] ২০০৩ চনত অনুষ্ঠিত হোৱা ৫১তম ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডছত এই চলচ্চিত্ৰখনে শিশুৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা (Best Children’s Film award) লাভ কৰে।[2][3]
. . . তৰা (অসমীয়া চলচ্চিত্ৰ) . . .
চলচ্চিত্ৰখনৰ কাহিনী অসমৰ এখন গাঁৱৰ দুটা প্ৰতিৱেশী পৰিয়ালৰ ওপৰত কেন্দ্ৰিত। দুয়োটা পৰিয়ালৰ মাজত ভাল সম্বন্ধ আছিল। চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হৈছে “তৰা”, এজনী সাত বছৰীয়া ছোৱালী। তাই দেউতাক (পূৰ্ণ) আৰু মাক (জোনাকী)ৰ লগত থাকে। আনটো পৰিয়াল হৈছে নৱ আৰু দেৱ নামৰ দুজন ভাতৃ। দুয়ো শয্যাগত মাকৰ সৈতে বাস কৰে। এদিন এটুকুৰা মাটিক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত কাজিয়া লাগিল। এই কাজিয়াখন মীমাংসা কৰাত তৰাৰ ভূমিকাই হৈছে চলচ্চিত্ৰখনৰ মূল কাহিনী।[1]
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত হোৱা বোমা বিস্ফোৰণত মৃত্যু হোৱা শিশুসকলৰ নামত পৰিচালক জাহ্নু বৰুৱা-ই এই চলচ্চিত্ৰখন উৎসৰ্গা কৰে।[4]
. . . তৰা (অসমীয়া চলচ্চিত্ৰ) . . .