AS

প্ৰাক-ইতিহাস

প্ৰাক-ইতিহাস (ইংৰাজী: Prehistory)-ৰ অৰ্থ “ইতিহাসে ঢুকি পোৱাৰ আগৰ”। ‘মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: “before history”, অথবা “before knowledge acquired by investigation”) লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে। মানৱ ইতিহাসৰ ‘নথিভুক্ত তথ্য’ৰ প্ৰচলনৰ আগৰ সময়ছোৱাকে প্ৰাক-ইতিহাসৰ অন্তৰ্ভুক্ত কৰা হয়। লিখন পদ্ধতিৰ আৱিষ্কাৰৰ পাছৰেপৰা ইতিহাসৰ সমল ৰূপে পোৱা লিখিত তথ্যকে ‘নথিভুক্ত তথ্য’ বোলা হৈছে। প্ৰাক-ইতিহাস যিকোনো লিখিত ইতিহাসৰ পূৰ্বৰ সময়ছোৱা।[1] বহলাই ক’বলৈ গ’লে মানৱ প্ৰজাতিৰ অস্তিত্বৰ আৰম্ভণিৰপৰা লিখন পদ্ধতিৰ আৱিষ্কাৰলৈ গোটেই সময়-কাল প্ৰাক-ইতিহাসৰ অন্তৰ্গত। ১৮৩০ চনৰ আশে-পাশে প্ৰথমে প্ৰত্নতাত্বিক পল টাৰ্নেলে প্ৰাক-ইতিহাসৰ বৰ্ণনা দিবলৈ anté-historique শব্দটো ব্যৱহাৰ কৰিছিল।[2] দক্ষিণ ফ্ৰান্সৰ গুহাত আৱিষ্কৃত কিছুমান সমলৰ বিষয়ে বৰ্ণনা দিয়াৰ সময়ত তেখেতে প্ৰথমে শব্দটোৰ ব্যৱহাৰ কৰিছিল।[3] মূল ফৰাচী শব্দৰ ভাঙনি স্বৰূপে ইংৰাজীত ‘prehistoric’ শব্দটো ১৮৫১ চনত প্ৰথমে ব্যৱহাৰ কৰে প্ৰত্নতাত্বিক ডেনিয়েল উইলছনে।[4][5]

ষ্টোনহেঞ্জ (Stonehenge), ইংলেণ্ড, নিওলিথিক যুগত স্থাপিত, ৪৫০০-৪০০ বছৰ আগৰ

‘প্ৰাক-ইতিহাস’ শব্দটোৱে ইতিহাসৰ আৰম্ভণি বিন্দু ব্ৰহ্মাণ্ডৰ সৃষ্টিৰপৰা সাঙুৰি লয় যদিও, ঘাইকৈ পৃথিৱীত জীৱনৰ বিকাশৰপৰাহে ইয়াৰ আলোচনা কৰা হয়। বেছিভাগ ক্ষেত্ৰত প্ৰাক-ইতিহাস বুলিলে মানৱ-সদৃশ জীৱৰ উৎপত্তিৰ আৰম্ভণিৰপৰাহে বুলি ধৰি লৈ আলোচনা কৰা হয়।[6][7] প্ৰাক-ঐতিহাসিকসকলে মানৱ প্ৰাক-ইতিহাসক ‘তিনিটা যুগ পদ্ধতি’ৰে ভাগ কৰিছে, আনহাতে মানৱ-ৰ আৱিৰ্ভাৱে আগৰ সময়ছোৱাৰ শ্ৰেণীবিভাগ কৰিবলৈ ‘ভূ-তাত্বিক সময় মাপ’ (Geologic Time Scale) ব্যৱহাৰ কৰা হয়। মানৱ প্ৰাক-ইতিহাসক মানুহে আয়ত্ত কৰা সঁজুলি-নিৰ্মাণ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা ভাগত ভগোৱা হৈছে। কালানুসৰি এই তিনিটা ভাগ হৈছে: প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ। কালনিৰ্ণিত ঘটনা হিচাপে পাব পৰা আৰু নোৱৰা তথ্য এনেকৈয়ো দুটা শ্ৰেণীত ভাগ কৰি প্ৰাক-ইতিহাসৰ আলোচনা কৰা হয়।

লিখন পদ্ধতি আৰু সঁজুলিৰ বিকাশ (ঐতিহাসিক কাল) ব্ৰঞ্জ যুগৰ বিভিন্ন সময়ত বিভিন্ন সভ্যতাত বেলেগে বেলেগে হৈছিল, বা কিছুমান সভ্যতাৰ বাবে লৌহ যুগতহে হৈছিল। ঐতিহাসিকসকলে সেয়ে সদায়ে লিখিত তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি যুগ বিভাজন কৰাৰ সলনি প্ৰাকৃতিক আৰু সামাজিক অন্যান্য সাক্ষ্যকো সমানে গুৰুত্ব দিয়ে। সেয়ে প্ৰাক-ইতিহাস আৰু ইতিহাসৰ মাজৰ লক্ষ্মণ-ৰেখাডাল সুনিৰ্দিষ্ট নহয়।[8][9][10] ‘গভীৰ বুৰঞ্জী’ৰ (Deep History) সমৰ্থকসকল এই মতবাদ মানি চলাৰ পক্ষপাতী।

এই প্ৰবন্ধত ঘাইকৈ মানৱ প্ৰাক-ইতিহাসৰ বিষয়ে আলোচনা কৰা হৈছে, অথবা ক’ব পাৰি দৈহিক গাঠনিত আধুনিক মানৱ সদৃশ জীৱৰ বিকাশৰপৰা লিখিত ইতিহাসৰ সমল আৰম্ভণিৰ কালছোৱাৰ কথা ইয়াৰ আলোচনা কৰা হৈছে। পৃথিৱীৰ ইতিহাস আৰু জীৱনৰ ইতিহাসৰ বিষয়ে ইয়াত আলোচনা কৰা হোৱা নাই।

. . . প্ৰাক-ইতিহাস . . .

যিহেতু সংজ্ঞামতেই প্ৰাক-ইতিহাসৰ বিষয়ে কোনো নথিভুক্ত তথ্য পোৱাটো সম্ভৱ নহয়, সেয়ে প্ৰা-ঐতিহাসিক সমলৰ প্ৰকৃত কাল নিৰ্ণয় এই ইতিহাসৰ আলোচনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ওঠৰ শতিকালৈ এনে সমলৰ কালনিৰ্ণয়ৰ সঠিক পদ্ধতি বিকশিত হোৱা নাছিল।[11]

প্ৰাক-ইতিহাসৰ অধ্যয়নৰ বুনিয়াদী দায়িত্ব বহন কৰে প্ৰাক-ঐতিহাসিক প্ৰত্নতাত্বিক আৰু নৃতাতাত্বিকসকলে। তেওঁলোকে খনন, ভূ-তাত্বিক আৰু ভৌগোলিক জৰীপ আৰু বিভিন্ন প্ৰযুক্তিৰে প্ৰাক-ঐতিহাসিক সমলৰ অধ্যয়ন আৰু অন্বেষণ কৰে।[6] মানৱ-জিনীয় বিজ্ঞানী আৰু ঐতিহাসিক ভাষাতত্ত্ববিদ সকলৰপৰাও যথেষ্ট গুৰুত্বপূৰ্ণ সমল পোৱা যায়।[7] সাংস্কৃতিক প্ৰত্নতত্ত্ববিদৰ পৰা সামাজিক বিষয়ৰ ওপৰত সমল পৱা যায়। সামাজিক পৰম্পৰাৰ অধ্যয়নে তাৰ আধাৰত প্ৰাক-ইতিহাসৰ বিশ্লেষণৰ সমল যোগায়।[7] সেয়ে, প্ৰাক-ইতিহাসৰ অধ্যয়নৰ বাবে প্ৰাকৃতি আৰু সামাজিক বিজ্ঞানৰ কেবাটাও ভিন্ন শাখা যেনে, জীৱাশ্মবিজ্ঞান, জীৱবিজ্ঞান, প্ৰত্নতত্ত্ব, ৰেণুবিজ্ঞান, প্ৰত্ন-জ্যোতিৰ্বিজ্ঞান, তুলনাত্মক ভাষাতত্ত্ব, নৃতত্ত্ববিজ্ঞান, আণৱিক জেনেটিকবিজ্ঞান আদি সন্মিলত হৈ পৰে।

মানৱ প্ৰাক-ইতিহাস অকল সময়-ৰেখাতেই নহয়, ভৌগোলিক আৰু ৰাষ্ট্ৰৰ ধাৰণাৰপৰাও বহু আঁতৰত। ই মূলতঃ প্ৰত্নতাত্বিক সংস্কতিৰ ওপৰতহে নিৰ্ভৰ কৰে। প্ৰাক-ইতিহাসৰ প্ৰাপ্ত সমলৰ ৰচকৰ নাম পোৱা নাযায়। বৰ্তমান দি লোৱা নিয়েণ্ডাৰথেল বা লৌহ যুগ আদি আলোচনাৰ সুবিধাৰ বাবে আজিৰ দিনত দি লোৱা পৰিভাষাহে।

ভাষাৰ প্ৰচলন আৰু লিখন পদ্ধতিৰ বিকাশৰ বাবে ভৌগোলিক ক্ষেত্ৰ বিশেষে থকা পাৰ্থক্যৰ বাবে প্ৰাক-ইতিহাসৰো ভৌগোলিক পাৰ্থক্য আছে। যেনে, ইজিপ্ট-ত প্ৰাক-ইতিহাস প্ৰায় ৩২০০ খ্ৰীষ্ট পূৰ্বত সমাপ্ত হোৱা বুলি ধৰা হয়, আনহাতে ‘নিউ গিনি’ উনবিংশ শতিকাতহে প্ৰাক-ইতিহাসৰ সামৰণি পৰিছে। ইউৰোপত প্ৰায় সমসাময়িক ভাৱে প্ৰাচীন ৰোম, গ্ৰীচ, চেল্টিক আৰু এট্ৰুস্কানৰ লিখিত ইতিহাসৰ বিপৰীতে বহু অংশৰ কোনো লিখিত তথ্য নাছিল। যিবোৰ অংশৰ লিখিত তথ্য নাছিল, তেওঁলোকৰ বিষয়ে উল্লেখ থকা আন সভ্যতাৰ লিখিত তথ্যৰ নিৰ্ভৰযোগ্যতা কিমান সেয়া নিৰ্ণয় কৰাটো প্ৰাক-ঐতিহাসিকসকলৰ বাবে কঠিন কাম।

. . . প্ৰাক-ইতিহাস . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . প্ৰাক-ইতিহাস . . .

Back To Top