AS

ভাৰতৰ জাতীয় পতাকা

ভাৰতৰ জাতীয় পতাকা (ইংৰাজী: National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে “ত্ৰিৰঙ্গা” বা “ত্ৰিবৰ্ণৰঞ্জিত পতাকা” বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ “স্বৰাজ” পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল।

ভাৰতৰ জাতীয় পতাকা
ত্ৰিৰঙ্গা
ব্যৱহাৰ জাতীয় পতাকা
অনুপাত ২:৩
গ্ৰহন কৰা তাৰিখ ২২ জুলাই, ১৯৪৭
সজ্জা আনুভূমিক ত্ৰিবৰ্ণৰঞ্জিত পতাকা (গেৰুৱা, বগা আৰু সেউজীয়া)। সোঁমাজত চৌব্বিশডাল দণ্ডসম্বলিত এটি গাঢ় নীলা ৰঙৰ চক্ৰ।
সজ্জাৰ আৰ্হি প্ৰস্তুতকৰ্তা  পিঙ্গলি ভেংকয়া[N 1]

আইনত:, কেৱলমাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰাৰ নিয়ম আছে। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। উৎপাদনৰ অধিকাৰ খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত। এই কমিশ্যনে বিভিন্ন আঞ্চলিক গোষ্ঠীক উৎপাদনৰ অধিকাৰ দিব পাৰে। ২০০৯ চনৰ তথ্য অনুযায়ী, কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ জাতীয় পতাকাৰ একমাত্ৰ উৎপাদক।

পতাকাৰ ব্যৱহাৰবিধি “ভাৰতীয় পতাকাবিধি” আৰু জাতীয় প্ৰতীকাদি সংক্ৰান্ত অন্যান্য আইন অনুসৰি নিয়ন্ত্ৰিত হয়। পুৰণা বিধি অনুযায়ী, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস সহ অন্যান্য জাতীয় দিৱসৰ বাদে সাধাৰণ নাগৰিকে পতাকা উত্তোলন কৰিব নোৱাৰে। ২০০২ চনত, এজন নাগৰিকৰ আপিলৰ ভিত্তিতে ভাৰতীয় উচ্চতম ন্যায়ালয়ে সাধাৰণ নাগৰিকসকলক জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিয়াৰ বাবে ভাৰত চৰকাৰক পতাকাবিধি সংস্কাৰৰ নিৰ্দেশ দিয়ে। সেই মতে ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে পতাকাবিধি সংস্কাৰ কৰি কেইটামান সীমিত ক্ষেত্ৰত জাতীয় পতাকাৰ ব্যৱহাৰ অনুমোদিত কৰে। ২০০৫ চনত পতাকাবিধি পুনৰায় সংশোধন কৰি কেইটামান বিশেষ ধৰণৰ বস্ত্ৰ ব্যৱহাৰৰ অতিৰিক্ত ব্যবস্থা কৰা হয়। পতাকা উত্তোলনৰ প্ৰথা আৰু অন্যান্য জাতীয় আৰু অ-জাতীয় পতাকাবিলাকৰ লগত জাতীয় পতাকা ব্যৱহাৰৰ বিধিও পতাকাবিধিত উল্লেখ আছে।

. . . ভাৰতৰ জাতীয় পতাকা . . .

কলকাতা পতাকা
বাৰ্লিন কমিটি পতাকা; ১৯০৭ চনত ভিখাজী কামাৰ দ্বাৰা প্ৰথম উত্তোলিত
কেন্দ্ৰত যঁতৰ সম্বলিত এই পতাকাখন ১৯২১ চনত বেচৰকাৰীভাৱে গৃহীত হয়
১৯৩১ চনত গৃহীত পতাকা; এইখন আজাদ হিন্দ ফৌজৰ যুদ্ধপতাকাৰূপেও ব্যৱহৃত হয়
আজাদ হিন্দ পতাকা, নাৎসি জাৰ্মানীৰ ফ্ৰি ইণ্ডিয়া লিজিয়নত প্ৰথম উত্তোলিত

ঊনবিংশ শতাব্দীত ভাৰত আছিল ব্ৰিটিছ শাসনৰ অধীনত। ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ আগে আগে বিভিন্ন দেশীয় ৰাজ্যৰ শাসকসকলে ভিন্ন ভিন্ন নক্সাৰ একাধিক পতাকা ব্যৱহাৰ কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আহে। ভাৰতৰ তদানীন্তন ব্ৰিটিছ শাসকবৰ্গই প্ৰথমে এখন ভাৰতীয় পতাকাৰ ধাৰণাটি উত্থাপন কৰে। পাশ্চাত্য হেৰাল্ডিক আদৰ্শত নিৰ্মিত ষ্টাৰ অফ ইণ্ডিয়া আছিল কানাডা আৰু অষ্ট্ৰেলিয়াসহ অন্যান্য ব্ৰিটিছ উপনিবেশৰ পতাকাসমূহৰ সমৰূপীয়। ব্লু আৰু ৰেড এনচাইন পতাকাদুখনৰ ঊৰ্ধ্বত-বাম কোয়াড্ৰ্যাণ্টত থাকিছিল ইউনিয়ন ফ্লেগ আৰু দক্ষিণাৰ্ধ্বৰ মাজভাগত ৰাজমুকুট-বেষ্টিত এটা ষ্টাৰ অফ ইণ্ডিয়া। ষ্টাৰটো যে “ভাৰতীয়ত্ব”-ৰ প্ৰকাশক, তাক বুজাবলৈ ৰাণী ভিক্টোৰিয়াই তেওঁৰ ভাৰতীয় প্ৰজাবৰ্গৰ প্ৰতিনিধিস্বৰূপ সাম্ৰাজ্যৰ সেৱাত “নাইট কম্যাণ্ডাৰ অফ দি অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ইণ্ডিয়া” নামৰ এটা পদ সৃষ্টি কৰিছিল। ইয়াৰ পাছত সকলো দেশীয় ৰাজ্য বিকৃত ৰেড এনচাইন উড্ডীয়নৰ অধিকাৰ সহ ইউৰোপীয় হেৰাল্ডিক মাপকাঠি-সম্মত প্ৰতীকসহ পতাকা লাভ কৰে।[1][2]

ব্ৰিটিছ ইণ্ডিয়া ৰেড এনচাইন

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেড এনচাইনে ব্ৰিটিছৰ ওচৰত ভাৰতৰ প্ৰতিনিধিৰৰূপে সৰ্বাপেক্ষা অধিক গুৰুত্ব অৰ্জন কৰিছিল। লিগ অফ নেশ্যনচ আৰু ১৯৪৫-৪৭ সময়ত জাতিসংঘই এই পতাকাকেই ভাৰতৰ পতাকা হিচাপে ব্যৱহাৰ কৰে।[3]

বিংশ শতাব্দীৰ প্ৰাৰম্ভণিতেব্ৰিটিচ ঔপনিবেশিক শাসনৰ কবলৰ পৰা মুক্তিলাভৰ উদ্দেশ্যে ভাৰতৰ স্বাধীনতা আন্দোলনে তাৰ গুৰুত্ব অৰ্জন কৰিবলৈ আৰম্ভ কৰিলত, এখন জাতীয় পতাকাৰ প্ৰয়োজনীয়তা বিশেষভাৱে অনুভূত হয়। ১৯০৪ চনত স্বামী বিবেকানন্দআইৰিচ শিষ্যা ভগ্নী নিবেদিতাই ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ ৰূপদান কৰে। এই পতাকাখন ভগিনী নিবেদিতাৰ পতাকা নামেৰে অভিহিত হয়। ৰঙা চতুষ্কোণাকাৰ এই পতাকাৰ কেন্দ্ৰত আছিল বজ্ৰ আৰু শ্বেতপদ্ম সম্বলিত এটি হালধীয়া ইনচেট। পতাকাত “বন্দে মাতৰম” কথাষাৰ বঙালীত লিখা আছিল। ৰঙা ৰং আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতীক, হালধীয়া বিজয়ৰ আৰু শ্বেতপদ্ম পবিত্ৰতাৰ প্ৰতীক।

১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চিবাগান স্কোয়াৰত বংগ ভংগ বিৰোধী এখন সভাত প্ৰথম ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলিত হয়। এই পতাকা উত্তোলন কৰে শচীন্দ্ৰপ্ৰসাদ বসুৱে। পতাকাখন কলকাতা পতাকা নামেৰে পৰিচিত হয়। এই পতাকাৰ উপৰ, মধ্য আৰু তলত যথাক্ৰমে কমলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ তিনিটি আনুভূমিক ভাগ আছিল। উপৰৰ ভাগটোত আঠপাহ অৰ্ধ-প্ৰস্ফুটিত পদুম আৰু তলৰ ভাগত সূৰ্য আৰু অৰ্ধচন্দ্ৰ অঙ্কিত আছিল। মাজত দেৱনাগৰী হৰফত লিখিত আছিল “বন্দে মাতৰম” কথাষাৰ।[4]

১৯০৭ চনৰ ২২ জুলাইত জাৰ্মানীৰ ষ্টাটগাৰ্ট চহৰত ভিখাজী কামাই অন্য এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰে। এই পতাকাৰ ওপৰত আছিল সেউজীয়া, মাজত গেৰুৱা আৰু তলত আছিল ৰঙা ৰং। সেউজীয়া ৰং আছিল ইছলামৰ প্ৰতীক আৰু গেৰুৱা হিন্দু আৰু বৌদ্ধধৰ্মৰ প্ৰতীক। সেউজীয়া ভাগটোৰ ওপৰত ব্ৰিটিছ ভাৰতৰ আঠখন প্ৰদেশৰ প্ৰতীক হিচাপে আঠপাহ পদুমৰ শাৰী অঙ্কিত আছিল। মাজৰ ভাগত দেৱনাগৰী হৰফত “বন্দে মাতৰম” কথাষাৰ লিখা আছিল আৰু তলৰ ভাগত পতাকাদণ্ডৰ ফালে অৰ্ধচন্দ্ৰ আৰু উত্তোলনৰভাগটোৰ ফালে এটা সূৰ্য অঙ্কিত আছিল। ভিখাজী কামা, বীৰ সাভাৰকৰ আৰু শ্যামজি কৃষ্ণ বৰ্মাই একেলগে এই পতাকাৰ নক্সা অঙ্কন কৰিছিল।[4]প্ৰথম বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত বাৰ্লিন কমিটিত ভাৰতীয় বিপ্লৱীসকলে এই পতাকাখন গ্ৰহণ কৰে। সেই তেতিয়াৰ পৰাই ই বাৰ্লিন কমিটি পতাকা নামেৰে অভিহিত হয়। প্ৰথম বিশ্বযুদ্ধত মেছোপটেমিয়াত সক্ৰিয়ভাৱে এই পতাকা ব্যৱহৃত হৈছিল।[5]আমেৰিকা যুক্তৰাষ্ট্ৰত গদৰ পাৰ্টিয়ে পতাকাখন কিছু সময়ৰ বাবে ভাৰতৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে।[6]

১৯১৭ চনত বাল গংগাধৰ তিলক আৰু এনী বেছাণ্ট পৰিচালিত হোমৰুল আন্দোলনে এখন নতুন পতাকাৰ জন্ম দিয়ে। এই পতাকাত পাঁচটা ৰঙা আৰু চাৰিটা সেউজীয়া আনুভূমিক ভাগ আছিল। উপৰৰ বাওঁফালে আয়তাকাৰ ইউনিয়ন পতাকা আছিল আন্দোলনৰ আকাঙ্ক্ষিত ডোমিনিয়ন মৰ্যাদা লাভৰ প্ৰতীক। ওপৰৰ উত্তোলিতভাগত আছিল বগা অৰ্ধচন্দ্ৰ আৰু তৰা। হিন্দুসকলৰ পবিত্ৰ সপ্তৰ্ষি মণ্ডলৰ প্ৰতীকৰূপে সাতটা বগা তৰা পতাকাত অঁকা আছিল। এই পতাকাই অৱশ্যে সৰ্বসাধাৰণৰ জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হয়।[4]

এবছৰ আগে ১৯১৬ চনত অধুনা অন্ধ্ৰপ্ৰদেশৰ মছলিপত্তনম চহৰৰ নিকটস্থ ভাটলাপেনামাৰু গাঁৱৰ বাসিন্দা পিঙ্গলি ভেংকয়াই এখন সাধাৰণ জাতীয় পতাকাৰ ৰূপদানৰ চেষ্টা কৰে। তেওঁৰ এই প্ৰচেষ্টাত উমৰ চোবানি আৰু এচ বি বোমানজিৰ চকুত পৰে। এওঁলোকে একেলগে ভাৰতীয় জাতীয় পতাকা মিশ্বন হাতত লয়। ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক “ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমঙ্গলহাৰী” যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ প্ৰদৰ্শিত পথত হস্তচালিত যঁতৰ আছিল ভাৰতৰ অৰ্থনৈতিক পুনৰ্জাগৰণৰ প্ৰতীক। ভেঙ্কাইয়াই ৰঙা আৰু সেউজীয়া প্ৰেক্ষাপটত যঁতৰৰ ছবি সম্বলিত এখন পতাকা প্ৰস্তুত কৰে। কিন্তু গান্ধীজিয়ে ভাবিলে, এই পতাকাত ভাৰতৰ সকলো ধৰ্মসম্প্ৰদায়ৰ প্ৰতিফলন নঘটিল।[7]

মহাত্মা গান্ধীৰ ইচ্ছানুসাৰে এখন নতুন পতাকাৰ নক্সা তৈয়াৰ কৰা হয়। এই ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ ওপৰত আছিল বগা, মাজত সেউজীয়া আৰু তলত নীলা; যিবিলাক যথাক্ৰমে সংখ্যালঘু ধৰ্মসম্প্ৰদায়, মুছলমান আৰু হিন্দুৰ প্ৰতীক। তিনিটি ভাগ জুৰি অঁকা আছিল যঁতৰৰ ছবি। আনুভূমিক ত্ৰিৰঙ্গ ভাগ সম্বলিত এই পতাকা আয়াৰলেণ্ডৰ জাতীয় পতাকাৰ সমৰূপ আছিল। উল্লেখযোগ্য যে, আয়ালেণ্ডৰ পতাকা আৰু এখন প্ৰধান ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী আন্দোলনৰ প্ৰতীক।[8] জাতীয় কংগ্ৰেছৰ আহমেদাবাদ অধিবেশনত উত্তোলিত হয়। যদিও ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিনে এইখনক চৰকাৰী পতাকা হিচাপে গ্ৰহণ নকৰিলে। স্বাধীনতা আন্দোলনত ইয়াৰ ব্যাপক প্ৰয়োগো দেখা নগ’ল।

পতাকাৰ এই সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ বিষয়টোৱে অনেকৰ মনত অসন্তোষৰ সৃষ্টি কৰে। ১৯২৪ চনত কলকাতাত সৰ্বভাৰতীয় সংস্কৃত কংগ্ৰেছে হিন্দুধৰ্মৰ প্ৰতীকৰূপে গেৰুৱা ৰং আৰু বিষ্ণুৰ গদাৰ চিত্ৰ পতাকাত সংযোজনৰ প্ৰস্তাৱ দিয়ে। এই বছৰেই “হিন্দু যোগী আৰু সন্ন্যাসী আৰু মুছলমান ফকীৰ আৰু দৰবেশসকলৰ মাজত প্ৰচলিত ত্যাগৰ প্ৰতীক” গেৰু বা গিৰিমাটি ৰং পতাকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হয়। শিখসকলে দাবী তোলে, হয় তেওঁলোকৰ প্ৰতিনিধিৰূপে হালধীয়া ৰং পতাকাত থাকিব লাগিব, নহয় পতাকাৰ পৰা ধৰ্মীয় প্ৰতীকতত্ত্ব বাদ দিব লাগিব।

এই সকলো দাবীৰ প্ৰেক্ষাপটত সমস্যা সমাধানৰ লক্ষৰে ১৯৩১ চনৰ ২ এপ্ৰিলত কংগ্ৰেছ কৰ্মসমিতিয়ে সাতজনীয়া এখন পতাকা সমিতি গঠন কৰে। “পতাকাত ব্যৱহৃত তিনিটি ৰঙক লৈ আপত্তি আছে; কাৰণ এই ৰংসমূহ সাম্প্ৰদায়িক ভিত্তিত চিহ্নিত” – এই মৰ্মে এটি প্ৰস্তাৱ গৃহীত হয়। কিন্তু এই সকলো অপ্ৰাতিষ্ঠিনিক আলাপ-আলোচনাৰ ফল হয় অভাবনীয়। পতাকাত একমাত্ৰ ৰং হালধীয়াৰ সলনি কমলা ৰখা হয় আৰু ওপৰৰ দণ্ডৰ ফালে যঁতৰৰ চিত্ৰ অঁকা হয়। পতাকা সমিতিয়ে এই পতাকাৰ প্ৰস্তাৱ ৰাখিলেও, সমগ্ৰ প্ৰকল্পত সাম্প্ৰদায়িক ভাবধাৰাৰ প্ৰতিফলন ঘটিছে বুলি মন কৰি, কংগ্ৰেছে এই পতাকা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

আজাদ হিন্দৰ ডাকটিকটত আজাদ হিন্দ পতাকা

পাছত ১৯৩১ চনৰ কৰাচী কংগ্ৰেছ অধিবেশনত পতাকা সংক্ৰান্ত সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয়। পিঙ্গলি ভেংকয়া অঙ্কিত এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল। গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাপে গৃহীত হয়।[8]

একেই সময়ত আজাদ হিন্দ ফৌজ ব্যৱহৃত পতাকাত “Azad Hind” (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হয়। এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰই এই পতাকা উত্তোলন কৰে।

স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণপৰিষদ স্থাপিত হয়। গণপৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে। এই কমিটিৰ সদস্যসকল আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰবৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ। পতাকা কমিটি স্থাপিত হয় ১৯৪৭ চনৰ ২৩ জুনত। এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে। তিনি সপ্তাহৰ পাছত ১৯৪৭ চনৰ ১৪ জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতেই গ্ৰহণীয় কৰি তুলি জাতীয় পতাকা হিচাপে গৃহীত হ’ব। পাছত এই প্ৰস্তাৱো গৃহীত হয় যে ভাৰতৰ জাতীয় পতাকাত কোনো সাম্প্ৰদায়িক গুৰুত্ব থাকিব নোৱাৰিব। যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰ-টো গৃহীত হয় পতাকাত। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰ এই পতাকা উত্তোলিত হয়।[9]

. . . ভাৰতৰ জাতীয় পতাকা . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . ভাৰতৰ জাতীয় পতাকা . . .

Back To Top