AS

মনকৰ

মনকৰ মনসা বিষয়ক পাঁচালী সাহিত্যৰ পৰম্পৰা নিৰ্মাতা। খৃষ্টাব্দ দ্বাদশ-ত্ৰয়োদশ শতিকাত মনকৰৰ বিকাশ হৈছিল বুলি কোৱা হয় যদিও ই সম্পূৰ্ণ ৰূপে বিশ্বাস যোগ্য নহয়। তেওঁ ৰজা জল্পেশ্বৰৰ ৰাজত্ব কালৰ লোক। তেওঁৰ মাকৰ নাম আছিল কালিন্দ্ৰী। তেওঁৰ দেউতাকৰ নাম জনা নাযায়। ককাকৰ নাম আছিল কামাখ্যা বন্দো ঢেকেৰিয়া। মনকৰ এজন ওজা বা গীতাল আছিল।[1]

“পদ্মপুৰাণৰ” এটা পৃষ্ঠা (সংস্কৃত আৰু দেৱনাগৰী)

. . . মনকৰ . . .

মনকৰ এগৰাকী কবি আছিল। তেওঁ ৰজা বিশ্বসিংহৰ দিনৰ কবি৷ মনকৰে ৰচনা কৰা পুথিখন হ’ল পদ্মপুৰাণ বা ‘মনসাপুৰাণ’ বা ‘মনসাকাব্য’ বা ‘মনকৰী’৷ সম্পূৰ্ণ পুৰাণ খন বিভিন্ন সময়ত বিভিন্ন কবিৰ দ্বাৰা ৰচিত হৈছিল।[2] অৱশ্যে তেওঁ তেওঁৰ দ্বাৰা ৰচিত মনসা কথা বৃত্তক ‘পদুমাইৰ গীত’, ‘পাঞ্চালী’ বা ‘শ্ৰাবনেৰ গীত’ বুলিহে নামাকৰণ কৰিছে:

মনকৰে ৰচিলেক পদুমাইৰ গীত৷
মনকৰে ৰচিলেক বিহাৰ পাঞ্চালি৷
মনকৰে ৰচিলেক শ্ৰাৱনেৰ গীত৷

বৰ্তমানলৈকে মনসা কাব্য সম্পূৰ্ণৰূপে ছপা হৈ ওলোৱা নাই৷ সত্যেন্দ্ৰনাথ শৰ্মা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৫১ চনত প্ৰথম এটা খণ্ড ছপা হৈ ওলাইছে৷ কামাখ্যাধাম আৰু বামুন্দি শুৱালকুছিৰ কেইবাটাও পৰিয়ালত এই পুথিখনৰ হাতেলিখা প্ৰতিলিপি সংৰক্ষিত অৱস্থাত আছে। মনকৰ, দুৰ্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ আদি পাঁচালী কবি[3] সকলে তেওঁলোকৰ ৰচনাত কৰা উল্লেখৰ পৰা অনুমান কৰা হয় যে এই পাঁচালী সংগীত পৰম্পৰাই খ্ৰীঃ ১৫শ ১৬শ শতিকাত লিখাত ৰূপ লাভ কৰে।

সত্যেন্দ্ৰনাথ শৰ্মা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ হৈ ওলোৱা পদ্মপুৰাণ কাব্য গ্ৰন্থ খনত মুঠ তিনিটা খণ্ড আছে:

  1. সৃষ্টি খণ্ড
  2. হৰ-পাৰ্বতীৰ বিবাহ খণ্ড আৰু[4][5]
  3. পদ্মাৰ জন্ম খণ্ড

প্ৰথম খণ্ডত ১৩টা, দ্বিতীয় খণ্ডত ৪৮টা আৰু তৃতীয় খণ্ডত ১৫টা গীত পোৱা যায়। প্ৰথমৰ সৃষ্টি খণ্ডটোত বিভিন্ন দেৱ-দেৱী জন্মৰ সৈতে মনসা পূজাৰ লগত জড়িত বিভিন্ন অনুষংগৰ জাগৰণ, সৃষ্টি পাতন, অনাদি ব্ৰহ্মৰ দ্বাৰা ব্ৰহ্মা বিষ্ণু আৰু শংকৰৰ পৰীক্ষা আৰু মহাদেৱৰ গৰ্ভত অনাদি ব্ৰহ্মৰ স্থিতি, পদ্মাৰ পূজাৰ সময় আৰু প্ৰয়োজনীয় সামগ্ৰীৰ আভাস, হেমন্ত ঋষিৰ তপস্যা আৰু দুৰ্গাৰ উৎপত্তি, দুৰ্গাৰ জন্ম বৃত্তান্ত, পদ্মাৰ জন্ম কথা আৰু স্বৰ্গৰ পৰা মৰ্ত্যলৈ অৱতৰণৰ কথা বৰ্ণনা কৰা আছে৷ আকৌ দ্বিতীয় খণ্ড শিৱ-পাৰ্বতীৰ বিবাহ খণ্ডটিও দেৱ-দেৱী তথা কমতা ৰজাৰ বন্দনাৰে আৰম্ভ কৰি দুৰ্গাক লাভ কৰিবলৈ শিৱই কৰা বিভিন্ন যত্ন, ফুলনি নিৰ্মাণ, ফুলনিত শিৱ দুৰ্গাৰ মিলন, শিৱৰ বিবাহ যাত্ৰা আৰু শিৱ-পাৰ্বতীৰ বিবাহৰ প্ৰস্তুতি তথা ব্ৰহ্মাৰ দ্বাৰা হোম-যজ্ঞৰ সম্পাদনেৰে শেষ হৈছে৷ তৃতীয় খণ্ডটিত পুষ্প-বনলৈ শিৱৰ যাত্ৰা তাতে হংস-হংসীৰ কাম-ক্ৰীড়া দেখি শিৱৰ বীৰ্যস্খলন, সেই বীৰ্য সৰোবৰৰ পদুমৰ পাতত পৰাত পদুমৰ নলাৰে পাতালত প্ৰৱেশ আৰু বীৰ্যৰ পৰা পদ্মাৰ জন্ম, পদ্মাক দেখি শিৱৰ কাম-মোহ প্ৰাপ্তি আৰু পিতা-পুত্ৰীৰ পৰিচয়, মক্ষিকা ৰূপ ধাৰণ কৰি শিৱৰ কৰণ্ডিত পদ্মাৰ প্ৰৱেশ আৰু পিতৃগৃহলৈ যাত্ৰা, শিৱৰ দ্বাৰা ঘৰৰ চালত কৰণ্ডি স্থাপন৷ সন্দেহবশতঃ গংগা-দুৰ্গাৰ দ্বাৰা শিৱৰ কৰণ্ডি পৰীক্ষা কৰিবলৈ অনুমতি বিচাৰ বৰ্ণনাতেই ছপা পুথিখন সামৰণি পৰে আৰু এনেকৈয়ে কাহিনীৰ বৰ্ণনা অসম্পূৰ্ণ হৈ ৰয়।[1] মনকৰৰ এই পুথিখনত চান্দো সদাগৰ আৰু বেউলা লখিন্দৰ সম্পৰ্কীয় কাহিনীটোৰ বৰ্ণনা নাই৷ অৱশ্যে কবিয়ে যে এইখিনি বৰ্ণনা কৰিবলৈ মন কৰিছিল তাৰ চমু আভাস ছপা পুথিখনত আছে।

. . . মনকৰ . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . মনকৰ . . .

Back To Top