AS

মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা

মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা(ইংৰাজী: Maarksei Bojaaleneki Communismor Ruprekhaa) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰথম প্ৰকাশ হয় ২০১৩ চনৰ ডিচেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা। কিতাপখন উছৰ্গা কৰা অংশত কাৰ্ল মাৰ্ক্সৰ মূলমন্ত্ৰ এটা দিয়াৰ পিছত লেখকে এনেকৈ লিখিছে, “পৃথিৱীত শেষ সত্য বুলি কোনো কথা নাই- এই কথাষাৰক বিশ্বাস কৰা প্ৰতিজন যুক্তিবাদী মানুহৰ হাতত তুলি দিলোঁ এই গ্ৰন্থ…”[1]

মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা
লেখক ময়ূৰ বৰা
প্ৰচ্ছদ শিল্পী উপমা বৰদলৈ
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক আঁক-বাক
প্ৰকাশ ডিচেম্বৰ, ২০১৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 978 93 82726 39 5

. . . মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা . . .

কিতাপখন লিখাৰ আঁৰৰ বিষয়ে অকণমান ব্যক্তিগত শিতানত লেখকে এনেদৰে লিখিছে, “শ্ৰেণীকোঠাৰ ইতিহাস বিষয়ক আলোচনাত মাৰ্ক্সবাদী ঐতিহাসিকসকলৰ সূত্ৰবোৰেই বেছি সমৰ্থনযোগ্য যেন লাগে।” ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসকাৰ্যৰ বিৰুদ্ধে কমিউনিষ্টৰ আহ্বানত ময়ূৰ বৰাই সমদলত যোগ দিয়াৰ কথা উল্লেখ কৰি লিখিছে যে সেই সময়ত কেতবোৰ সুবিধাবাদী বামপন্থী ছাত্ৰনেতাৰ আচৰণে তেওঁক ক্ষুব্ধ কৰিছিল। তেওঁ লগতে লিখিছে,”আমাৰ অসমতো তথাকথিত বামপন্থী লোকৰ অভাৱ নাই। নিজৰ স্বাৰ্থৰ বাবে কমিউনিজ্‌মৰ পোছাক‍যোৰ পিন্ধি ল’লে বহু কথা সহজ হৈ পৰে বুলি হয়তো তেওঁলোকে ভাবে। সাধাৰণ জনসাধাৰণৰ অভিভাৱক হ’বলৈ গভীৰভাৱে উদ্বিগ্ন হৈ থকা এইসকল লোকে সুবিধা পালেই কমিউনিজমৰ জয়গান গায়। আদৰ্শটোৰ প্ৰতি থকা নিভাঁজ আনুগত্যৰ কথাটো বাদেই দিলোঁ, মাৰ্ক্সৰ ধ্যান-ধাৰণা সন্দৰ্ভত গভীৰ অন্তৰ্দৃষ্টিও তেওঁলোকৰ নাই। অসমৰ সমাজ জীৱনত তথাকথিত বামপন্থী চিন্তাবিদৰ অপ্ৰয়োজনীয় দপ্‌দপনিয়েও এই গ্ৰন্থখনৰ কথা ভবাত সহায় কৰিলে।” কিতাপখনত থকা প্ৰবন্ধসমূহ হ’ল-[1]

  1. প্ৰাক্‌-মাৰ্ক্সীয় সাম্যবাদৰ ইতিহাস
  2. কমিউনিজ্‌মৰ পতনৰ বাবে মাৰ্ক্স কিমান দায়ী?
  3. তত্ত্বৰ কাৰাগাৰৰ পৰা ভৱিষ্যদ্বাণী কৰা মানুহজন
  4. মাৰ্ক্সৰ ব্যক্তিত্বৰ কেতবোৰ কদৰ্য দিশ
  5. অন্যায়-অবিচাৰ মাৰ্ক্সৰ চিৰসংগী আছিল নেকি?
  6. মাৰ্ক্সৰ চিন্তাৰ কেইটামান কেৰোণ
  7. মাৰ্ক্সৰ সমাজবাদক বৈজ্ঞানিক বুলিব পাৰিনে?
  8. ব্যক্তিগত সম্পত্তিৰ অধিকাৰ নসাৎ কৰাৰ অবাস্তৱ চিন্তা
  9. ভিত্তি আৰু উপৰিসৌধ তত্ত্বৰ অসম্পূৰ্ণতা
  10. ভাৰত সন্দৰ্ভত মাৰ্ক্সৰ ধাৰণা
  11. বাট্ৰাণ্ড ৰাছেলৰ সাম্যবাদ বিৰোধিতা
  12. মানৱ জীৱনৰ প্ৰগতি, সাম্যবাদ আৰু স্বাৰ্থপৰতা
  13. কমিউনিষ্ট শাসনে সংহাৰী ৰূপ লোৱা কেইটামান দৃষ্টান্ত
  14. ছোভিয়েট ৰাছিয়াত কমিউনিজ্‌মৰ নামত নৰমেধ যজ্ঞ
  15. চীনৰ হৃদয়হীন কমিউনিষ্ট শাসকৰ নিৰ্মমতা
  16. পৈশাচিক বৰ্বৰতাত নিমজ্জিত উত্তৰ কোৰিয়া
  17. কমিউনিজ্‌মৰ পতনৰ তাৎক্ষণিক কাৰণবোৰ
  18. অসমত মাৰ্ক্সবাদঃ মুখা নে জখলা নে জীৱন দৰ্শন?

. . . মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা . . .

Back To Top