AS

মাৰ্গেৰিটা হেক

মাৰ্গেৰিটা হেক (ইংৰাজী: Margherita Hack, Italian: [marɡeˈriːta ˈ(h)ak], ১২ জুন ১৯২২ – ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল।

মাৰ্গেৰিটা হেক

২০০৬ চনত মাৰ্গেৰিটা হেক

জন্ম ১২ জুন, ১৯২২
ফ্লোৰেন্স, তুস্কেনি, ইটালী
মৃত্যু ২৯ জুন, ২০১৩ (৯১ বছৰ)
ট্ৰাইষ্টে, ফ্ৰিউলি-ভেনেজিয়া গিউলিয়া, ইটালী
বাসস্থান ইটালী
জাতীয়তা ইটালিয়ান
ক্ষেত্ৰ জ্যোতিৰ্বিজ্ঞান
জনপ্ৰিয় বিজ্ঞান
কৰ্মস্থান ট্ৰাইষ্টে বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ফ্লোৰেন্স বিশ্ববিদ্যালয়
উল্লেখনীয় বঁটা টাৰ্গা জুচেপ্পে পিয়াজ্জি (১৯৯৪)
প্ৰেমিও ইণ্টাৰনাজিওনেল কৰ্টিনা উলিছে (১৯৯৫)
দাম্পত্যসঙ্গী এলডো ডি ৰোজা (বি. ১৯৪৪)
স্বাক্ষৰ

. . . মাৰ্গেৰিটা হেক . . .

১৯২২ চনৰ ১২ জুন তাৰিখে ইটালীৰ তুস্কেনিৰ ফ্লোৰেন্সত মাৰ্গেৰিটা হেকৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ৰবেৰ্টো হেক প্ৰটেষ্টান চুইছ মূলৰ ফ্লোৰেণ্টিন গাণনিক আছিল। তেওঁৰ মাক মাৰিয়া লুইচা পোগেচি তুস্কেনিৰ এগৰাকী কেথলিক আৰু আকাডেমিয়া দি বেলে আৰ্টি দি ফায়াৰঞ্জেৰ স্নাতক আৰু উফিজি গেলেৰীত এগৰাকী মিনিয়েচাৰ শিল্পী আছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকী ইটালিয়ান থিওচফিকেল চছাইটিত যোগদান কৰিবলৈ তেওঁলোকৰ ধৰ্ম ত্যাগ কৰিছিল। ইয়াৰ বাবে ৰবেৰ্টো হেক কাউণ্টেছ গাম্বাৰিনি-কাভালিনিৰ অধ্যক্ষতাত অলপ সময়ৰ বাবে সচিব আছিল।[1][2]

যৌৱনকালত এগৰাকী খেলুৱৈ হিচাপে হেকে বাস্কেটবল খেলিছিল আৰু ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় প্ৰতিযোগিতাৰ সময়ত ট্ৰেক এণ্ড ফিল্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াক মুছলিনিৰ ফেচিষ্ট শাসনৰ অধীনত লিট’ৰিয়েলি বুলি কোৱা হৈছিল আৰু তেওঁ লং জাম্প আৰু হাই জাম্প ইভেণ্ট জিকিছিল।[3][4] ১৯৪৪ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে আৰ্চেট্ৰিৰ চান লিওনাৰ্ডোৰ গীৰ্জাত তেওঁ এলডো ডি ৰোজাক বিয়া কৰায়। ডি ৰোজায়ো তাইৰ শৈশৱৰ এজন সহ খেলুৱৈ আছিল।[5]

তেওঁ ফ্লোৰেন্সৰ লিচিঅ ক্লাচিকো “গেলিলিঅ গেলিলি”ত অধ্যয়ন কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ফলত তেওঁ পৰীক্ষাত বহিবলৈ অক্ষম হৈছিল। ১৯৪৫ চনত তেওঁ ফ্লোৰেন্স বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[6] জ্যোতিৰ্বিজ্ঞানত তেওঁৰ গৱেষণা পত্ৰ ‘চেফেইড চলক’ৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আৰ্চেট্ৰি অবজাৰ্ভেটৰীত তেওঁৰ অধ্যয়নৰ ওপৰত আধাৰিত কৰি আৰু জৰ্জিঅ এবেট্টিৰ নিৰ্দেশনাত তেওঁ নিজৰ গৱেষণা সম্পন্ন কৰিছিল। হেকে এজন বিজ্ঞানী, শিক্ষক আৰু বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ প্ৰশাসকৰ বাবে আবেট্টিক তেওঁৰ আদৰ্শ ব্যক্তি বুলি গণ্য কৰিছিল।[7]

ইটালীত মাৰ্গেৰিটা হেক তেওঁৰ ধৰ্মবিৰোধী দৃষ্টিভংগী আৰু কেথলিক গীৰ্জা আৰু ইয়াৰ পদানুক্ৰম আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত তেওঁৰ নিৰন্তৰ সমালোচনাৰ বাবে জনাজাত আছিল।[8] তেওঁ এগৰাকী নিৰামিষভোজী আছিল আৰু ‘পাৰ্চে চোনো ভেজিতাৰিনা’ (মই কিয় নিৰামিষভোজী) শীৰ্ষক এই বিষয়ে বৰ্ণনা কৰি এখন কিতাপ লিখিছিল। তেওঁ ‘লা মিয়া ভিটা ইন বিচিক্লেটা’ (চাইকেলত মোৰ জীৱন) শীৰ্ষক এখন কিতাপও লিখিছিল।

২০১৩ চনৰ ২৯ জুনৰ পুৱা ৪:৩০ বজাত ট্ৰিয়েষ্টেৰ কেটিনাৰা চিকিৎসালয়ত হেকৰ মৃত্যু হয়। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে তেওঁক এসপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত তেওঁ প্ৰায় দুবছৰ ধৰি অসুস্থতাত ভুগি আছিল।[9][10] তেওঁ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল।[11] ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰত আলঝেইমাৰ ৰোগৰ জটিলতাৰ বাবে হেকৰ স্বামী এলডো ডি ৰোজাৰ মৃত্যু হয়। তেওঁলোক দুয়ো ট্ৰিয়েষ্টেৰ ছাণ্ট’আন্নাৰ সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হয়। হেকে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত ২৪,০০০তকৈ অধিক গ্ৰন্থ থকা তেওঁৰ ব্যক্তিগত পুথিভঁৰালখন ট্ৰিয়েষ্টে চহৰলৈ দান কৰে।

২০২১ চনৰ ১২ জুন তাৰিখে গুগলে তেওঁৰ ৯৯তম জন্মদিনত গুগল ডুডলৰ প্ৰদৰ্শিত কৰি উদযাপন কৰিছিল।[12][13]

. . . মাৰ্গেৰিটা হেক . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . মাৰ্গেৰিটা হেক . . .

Back To Top