AS

লালকিল্লা

লাল কিল্লা (হিন্দী: लाल क़िला; উৰ্দু: لال قلعہ; ইংৰাজী: Red Fort) খ্ৰীষ্টিয় সপ্তদশ শতাব্দীত প্ৰাচীৰ-বেষ্টিত পুৰণি দিল্লী (বৰ্তমান দিল্লী, ভাৰত) চহৰত মুগল সম্ৰাটছাহজাহানৰ (১৬২৮-৫৮) দ্বাৰা নিৰ্মিত এটা দুৰ্গ। ১৮৫৭ চনলৈকে এই দুৰ্গটো মুগল সাম্ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ পাছত ব্ৰিটিছ ভাৰতীয় চৰকাৰে মুগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহক পৰাভূত কৰি ভাৰতৰ ৰাজধানী কলকাতালৈ স্থানান্তৰিত কৰে। ১৯৪৭ চনলৈকে ব্ৰিটিছসকলে এই দুৰ্গটোক এটা সামৰিক চাউনী হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এইটো এটা জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ আৰু ভাৰতীয় প্ৰজাতন্ত্ৰৰ সাৰ্বভৌমত্বৰ এটা শক্তিশালী প্ৰতীক: প্ৰতি বছৰে ভাৰতীয় স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লাল কিল্লাৰ লাহোৰি গেট সংলগ্ন এটা স্থানত জাতীয় পতাকা উত্তোলন কৰে। ২০০৭ চনত এই কিলাটো ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে নিৰ্বাচিত হয়।[1]

ইউনেস্ক’ বিশ্ব ঐতিহ্যবাহী স্থান
লালকিল্লা
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

লালকিল্লা, দিল্লীৰ এক উল্লেখযোগ্য দুৰ্গ

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iii, iv
উদ্ধৃতি 231
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া
অভিলিখনৰ ইতিহাস
অভিলিখন ২০০৭ (৩১ তম অধিবেশন)

লালকিল্লা দিল্লীৰ উত্তৰ অংশত অৱস্থিত। মোগল শাসনৰ গৌৰৱৰ প্ৰতিনিধি এই কিল্লা মোগল স্থাপত্য, শিল্পকৌশল আৰু সৃষ্টিশীলতাৰ স্বৰ্ণযুগৰ অনুপম এটি নিদৰ্শন। ই ভাৰতীয় আৰু পাৰস্য স্থাপত্য কলাৰ এক সংমিশ্ৰণ। জাল-আকাৰ জ্যামিতিক নক্সাৰ গঠনশৈলীত দুৰ্গৰ প্ৰাংগন নিৰ্মিত। পৰৱৰ্তীকালত ৰাজস্থান, দিল্লী, আগ্ৰা আৰু অন্যান্য অঞ্চলৰ বহু স্থাপত্য এই জাতীয় নক্সাত নিৰ্মিত হয়। দুৰ্গটো ৰঙা(লাল) বেলেপাথৰৰ বেৰাৰ দ্বাৰা বেষ্টিত। সেই বাবে ই লালকিল্লা নামে জনাজাত। ১৫৪৬ চনত ইছলাম শাহ শোৰীয়ে চেলিমগড় দুৰ্গ নিৰ্মাণ কৰিছিল, যিটো এই দুৰ্গটোৰ ঠিক কাষতেই আছিল। বৰ্তমানে উক্ত দুৰ্গটো লালকিল্লাৰেই এটি অংশ। সমগ্ৰ দুৰ্গ প্ৰাংগনৰ আয়তন ১২০ একৰ। ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ সংশোধিত অভিলিখনৰ (i), (ii), (iii) আৰু (iv) বিভাগৰ অন্তৰ্গত। ১৬৩৯ পৰা ১৮৪৮ চনৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত ৬৫৬ মিটাৰ (২,১৫০ ফুট)x৩২৮ মিটাৰ (১,০৮০ ফুট) আয়তনৰ এই কিল্লাৰ সৰ্বোচ্চ উচ্চতা ২৩ মিটাৰ (৭৫ ফুট)। ই যমুনা নদীৰ পাৰত অবস্থিত। আগেয়ে ই এটা সেতুৰ সহায়ত চেলিমপুৰ দুৰ্গৰ লগত যুক্ত আছিল। বৰ্তমান এই সেতুটো এটা পথ হিচাবে ব্যৱহাৰ কৰা হয়। দুৰ্গ প্ৰাংগনৰ প্ৰাসাদটো ‘দেওয়ান-ই-আমেৰ’ (গণ দৰবাৰ কক্ষ)ৰ পিছফালে অবস্থিত। এই প্ৰাসাদত অনেক উচ্চমানৰ কাৰুকাৰ্যখচিত শ্বেতপাথৰৰ প্ৰাসাদ প্যাভিলিয়ন আছে। এইসমূহ ‘নহৰ-ই-বেহেস্ত’ নামে কৃত্ৰিম জলধাৰাৰ দ্বাৰা পৰস্পৰৰ লগত যুক্ত। ইয়াতে দেওয়ান-ই-খাস (ব্যক্তিগত দৰবাৰ কক্ষ), বহু অন্যান্য দৰকাৰী ব্যক্তিগত ভৱন স্থাপন কৰা হৈছে, তদুপৰি সম্ৰাট ঔৰঙ্গজেৱৰ নিৰ্মিত মোতি মছজিদ আদিও আছে।[2][3]

. . . লালকিল্লা . . .

  • লালকিল্লাৰ সমুখ ভাগৰ এক দৃশ্য
  • দিল্লী গেটত উৰি থকা ভাৰতৰ জাতীয় পতাকা
  • প্ৰধান দ্বাৰ লাহোৰ গেট
  • লাহোৰ গেটৰ এক দৃশ্য
  • দিওয়ান-ই-আমেৰৰ ভিতৰৰ ভাগ
  • ৰংমহল
  • দিওয়ান-ই-খাছ আৰু খাছমহল (ডানে)
  • দিওয়ান-ই-খাছৰ ভিতৰভাগ
  • দিওয়ান-ই-খাছৰ ভাষ্কৰ্যৰ নমুনা
  • মোতি মছজিদ
  • লালকিল্লাৰ নৌবত খানা

. . . লালকিল্লা . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . লালকিল্লা . . .

Back To Top