লালা লাজপত ৰায় (ইংৰাজী: Lala Lajpat Rai)(২৮ জানুৱাৰী ১৮৬৫-১৭ নৱেম্বৰ ১৯২৮) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী৷ তেখেত আছিল আগৰৱাল জৈন আৰু তেখেতৰ গোত্ৰ আছিল ৰায় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছিল৷ তেখেত পঞ্জাৱ কেশৰী নামেৰেও পৰিচিত৷ লাল বাল পাল শীৰ্ষক ত্ৰিমূৰ্তিৰ তেখেতো এজন আছিল৷ [1] পঞ্জাৱ নেশ্যনেল বেংক আৰু লক্ষ্মী বীমা কোম্পানীৰ প্ৰাৰম্ভিক সময়ছোৱাৰ কৰ্মপন্থাত লালা লাজপত ৰায়ে সহযোগিতা আগবঢ়াইছিল৷ ভাৰতৰ সংবিধান সংশোধনৰ বাবে সৰ্ব-ব্ৰিটিছ সদস্যৰে সংগঠিত ছাইমন কমিছন ভাৰতলৈ আহোঁতে তেখেতে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াইছিল, যাৰ বাবে তেখেত আৰক্ষীৰ লাঠী-চালনাৰ সমুখীন হৈছিল৷ তেখেত একাধিক স্থানত আঘাতপ্ৰাপ্ত হয়৷ এই শোকাৱহ ঘটনাৰ কিছুসপ্তাহ পাছতেই লালা লাজপত ৰায়ে মৃত্যুক সাবটি লয়৷
. . . লালা লাজপত ৰায় . . .
১৮৫৬ চনৰ ২৮ জানুৱাৰী তাৰিখে এটা জৈন পৰিয়ালত লালা লাজপত ৰায়ৰ জন্ম হৈছিল৷ [2][3] পিতৃ আছিল উৰ্দু আৰু পাৰ্চী চৰকাৰী বিদ্যালয়ৰ শিক্ষক মুঞ্চী ৰাধা কৃষণ আজাদ আৰু মাতৃ আছিল গোলাব দেৱী৷ [4] জন্মস্থান আছিল ধুড়িকে৷[5][6][7] পঞ্জাবৰ লুধিয়ানা জিলাৰ জাগৰাওতেই তেখেতে কৈশোৰ আৰু যৌৱনৰ অধিকাংশ সময় অতিবাহিত কৰিছিল৷ জাগৰাওত তেখেতৰ ঘৰটো এতিয়াও দৃশ্যমান হয়৷ ঘৰটোত এটা পুথিভঁৰাল আৰু এটি সংগ্ৰাহালয় আছে৷[8]
১৮৭০ৰ দশকত লাল লাজপত ৰায়ৰ পিতৃ ৰেৱাৰীলৈ বদলি হয়৷ ৰেৱাৰীত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই লালা লাজপত ৰায়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ এইখন বিদ্যালয়তে তেখেতৰ পিতৃয়ে উৰ্দু শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ জীৱনৰ আদিছোৱা সময়ত, ৰায়ৰ উদাৰনৈতিক দৃষ্টিভংগী আৰু হিন্দুধৰ্মীয় বিশ্বাস গঢ় দিয়াত পিতৃ আৰু ধৰ্মপ্ৰাণা মাতৃ উভয়েই সহায় কৰিছিল৷ এই শিক্ষাকে সাৰোগত কৰি পাছলৈ ৰায়ে ৰাজনীতি আৰু সংবাদমূলক লেখাৰ জৰিয়তে ধৰ্ম আৰু ভাৰতীয় ৰাজনৈতিক বাতাৱৰণ সলনি কৰিবলৈ প্ৰয়াস কৰিছিল৷ [9] ১৮৮০ চনত লালা লাজপত ৰায়ে লাহোৰত থকা চৰকাৰী কলেজলৈ আইনৰ শিক্ষা ল’বলৈ ৰাওনা হয়৷ এইখন শিক্ষানুষ্ঠানতেই তেখেত ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামী মহাত্মা হংসৰাজ আৰু পণ্ডিত গুৰু দত্তৰ সান্নিধ্যলৈ আহে৷ অধ্যয়নৰ কালছোৱাতেই তেখেত দয়ানন্দ সৰস্বতীৰ নেতৃত্বত চলি থকা হিন্দু সংস্কাৰকামী আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷ ১৮৭৭ চনত স্থাপিত হোৱা আৰ্য সমাজ, লাহোৰৰ তেখেত সদস্য হয় আৰু লাহোৰত থকা আৰ্য-গেজেটৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব চম্ভালে৷ [10] আইন পঢ়ি থাকোঁতেই তেখেতৰ মনত হিন্দুত্ববাদ সম্পৰ্কে এটা স্থায়ী ধাৰণাই গঢ় দিয়ে যে, ৰাষ্ট্ৰীয়তাবাদৰো ঊৰ্দ্ধত গৈ দৰাচলতে হিন্দুত্ববাদৰ ভেটিতেই ভাৰতীয় জীৱনশৈলী আধাৰিত হোৱা উচিত৷ তেখেতে বিশ্বাস কৰিছিল যে, হিন্দুত্ববাদে শান্তি আৰু মানৱতাবাদৰ অনুশীলন পৰিচালিত কৰে৷ যেতিয়া ৰাষ্ট্ৰীয়তাবাদী ধাৰণাক এইধৰণৰ শান্তিপূৰ্ণ বিশ্বাস-প্ৰণালীৰ লগত একত্ৰিত কৰা হয়, তেতিয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গঠন কৰিব পাৰি৷ উপ-মহাদেশখনত এনেধৰণৰ হিন্দুত্ববাদৰ অভ্যাসৰ বলতেই তেখেত পাছলৈ শান্তিপূৰ্ণ আন্দোলনত বিশ্বাসী হৈ উঠিছিল আৰু স্বাধীনতা আন্দোলনতো তাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল৷ [10][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]হিন্দু মহাসভাৰ দৰে সংগঠনৰ লগত গঢ়ি উঠা ঘনিষ্ঠতাৰ বাবে তেখেতে নৱজৱান ভাৰত সভাৰ পৰা সমালোচনা লাভ কৰিছিল যদিও,[11] অন্যান্য মুহূৰ্তত তেখেত দলটোৰ সদস্যবৃন্দৰ শ্ৰদ্ধাৰ পাত্ৰ হৈছিল৷[12]
. . . লালা লাজপত ৰায় . . .