AS

ৰক্তমল্লিকা

ৰক্তমল্লিকা(বৈজ্ঞানিক নাম: Gomphrena globosa), সাধাৰণ নাম গ্লব অমৰনাথ (globe amaranth), মখমলি (makhmali), আৰু বেদমালি (vadamalli), অমৰনাথেচি পৰিয়ালৰ অন্তৰ্গত এবিধ খাদ্য উপযোগী ফুল আৰু উদ্ভিদ। গোলাকাৰ ফুলপাহ মাৰ্জেণ্টা, বেঙুনীয়া, ৰঙা, কমলা, বগা, গুলপীয়া আদি ভিন্ন বৰণৰ হোৱা দেখা যায়।[1]

Globe amaranth
“Purple Globe Amaranth”
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Core eudicots
বৰ্গ: Caryophyllales
পৰিয়াল: Amaranthaceae
গণ: Gomphrena
প্ৰজাতি: G. globosa
বৈজ্ঞানিক নাম
Gomphrena globosa
L.

ৰক্তমল্লিকা ব্ৰাজিল, পানামা আৰু গোৱাটিমালাকে ধৰি মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ আছিল, কিন্তু বৰ্তমান বিশ্বজুৰি ইয়াৰ খেতি কৰা হয়।[2] নাতিশিতোষ্ণ বাৰ্ষিক ফুল হিচাপে ৰক্তমল্লিকা গোটেই গীষ্মকালৰ পৰা প্ৰাক বৰ্ষাকাললৈকে একেৰাহে ফুলে। ই অতিমাত্ৰাৰ উত্তাপো সহ্য কৰিব পাৰে আৰু ৰদঘাই তথা আৰ্দ্ৰ অঞ্চলত ভালকৈ বাঢ়ে।[3] ৰক্তমল্লিকাই C4 স্থিতিকৰণ কৰিব পাৰে।[4] পূৰ্ণাংগ অৱস্থাত ফুলবোৰ ৪ চেমি. পৰ্যন্ত দীঘল আৰু উদ্ভিদজোপা ২৪ ইঞ্চিলৈকে ওখ হয়।[1]

ৰক্তমল্লিকা এবিধ বহিঃজননক্ষম উদ্ভিদ, সাধাৰণতে পখিলা, মৌমাখি আৰু অন্যান্য পতংগৰ দ্বাৰা ইয়াৰ পৰাগন হয়। সফল প্ৰজননৰ ক্ষেত্ৰত ইয়াৰ ফুলৰ ভিন্নতাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে, কিয়নো ফুলৰ আকৰ্ষণিয় ৰঙেহে ভিন্ন প্ৰজাতিৰ পতংগত পৰাগ-সংযোগৰ বাবে আকৰ্ষণ কৰিব পাৰে।[1] যিবোৰ ফুলে পৰাগনৰ বাবে জৈৱিক বাহক ব্যৱহাৰ কৰে, সিহঁতৰ পৰাগ সংযোগকাৰী বোৰক আকৰ্ষণৰ বাবে মধু গ্ৰন্থি থাকে। ফুলে গন্ধ আৰু ৰঙৰ দ্বাৰাও পৰাগ সংযোগকাৰীক আকৰ্ষণ কৰে। ৰক্তমল্লিকাৰ যি অংশক ফুল বোলা হয় সেই অংশ ফুল নহয়, প্ৰকৃততে সেয়া মঞ্জৰীপত্ৰ বা উদ্ভিদবিদ্যাৰ ভাষাত হৈছে ৰূপান্তৰিত পত্ৰ। উদ্ভিদৰ এই ৰূপান্তৰিত পত্ৰই কীট পতংগক আকৰ্ষণৰ কৰে। ইয়াৰ চাৰিওকাষে যি সৰু সৰু ফুল দেখা যায়, সেইবোৰহে প্ৰকৃত ফুল।

. . . ৰক্তমল্লিকা . . .

. . . ৰক্তমল্লিকা . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . ৰক্তমল্লিকা . . .

Back To Top